গুজৰাটৰ চুৰাটত ভয়ংকৰ দুৰ্ঘটনা, ৰাসায়নিক গেছ নিৰ্গত হৈ মৃত্যু ৬ জন শ্ৰমিকৰ

নিউজ ডেস্ক: গুজৰাটৰ চুৰাটত ৰাসায়নিক গেছ নিৰ্গত হৈ ৬ জন শ্ৰমিকৰ মৃত্যু হয়।এখন ৰাসায়নিক গেছ পৰিবাহী টেংকাৰৰ পৰা সংঘটিত হয় এই ঘটনা।
চুৰাটৰ GIDS ৰ নলাত দিবলৈ টেংকাৰত অনা হৈছিল অবৈধ ৰাসায়নিক পদাৰ্থ,নলাত দিবলৈ লোৱাৰ সময়তে নিৰ্গত হোৱা গেছে ছানি ধৰে সমগ্ৰ অঞ্চল।
বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত ২০ জন লোক অসুস্থ হৈ আছে। আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে।