গীতানগৰত চি জি পি ডি দলৰ অভিযান: আটক দুজনক।
গীতানগৰ পি এছ ৰ এটা চি জি পি ডি দলে গীতানগৰৰ কাৰ্বি পথৰ এখন স্ক্ৰেপৰ দোকানত অভিযান চলায়। আৰু এই অভিযান কালত দুজনক আটক কৰা হয়।
আটককাৰী দুজন ক্ৰমে মহিবুৰ ৰহমান আৰু আজিজ তালুকদাৰক চুৰি সামগ্রীসহ গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে অভিযান কালত দুই আটককাৰী মহিবুৰ ৰহমান আৰু আজিজ তালুকদাৰৰ পৰা ৯ এ পি ডি চি এল স্মার্ট মিটাৰ আৰু ১৪ প্লাষ্টিক মিটাৰ বক্স কভাৰ উদ্ধাৰ কৰা হৈছিল।
ইতিমধ্যে আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে।