Local, Vocal, Global

কৰ’না সংকট, ২০২১ৰ মাৰ্চলৈ নাই কেন্দ্ৰৰ কোনো নতুন আঁচনি

কৰ’নাই বাধাৰ সৃষ্টি কৰিছে চৰকাৰ নতুন আঁচনিত। ২০২১ চনৰ মাৰ্চ মাহ পৰ্যন্ত কোনো ধৰণৰ নতুন আঁচনি গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। চলিত বছৰটোৰ আৰম্ভণিৰ পৰাই কাল কৰে’নাৰ কবলত পৰিছে ভাৰতবৰ্ষ। এফালে কৰ’নাৰে মোকাবিলা কৰাৰ বাবে পৰ্বত সম ব্যয়। বিপৰীতে দীৰ্ঘ লকডাউনৰ পৰিপ্রেক্ষিতত বন্ধ হৈ গৈছে ৰাজহ আহৰণৰ সকলো পথ। এই ভয়াবহ অৰ্থ সংকটৰ ব্যাপক প্ৰভাৱ পৰিছে চৰকাৰী আঁচনি সমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত। পুৰণি আচনিবোৰৰ ৰূপায়নৰ আৰম্ভণিয়েই সম্ভৱ হৈ উঠা নাই । তেনে স্থলত নতুন কল্যাণকামী আঁচনিৰ কথা চিন্তা কৰিবলৈও যেন অপাৰগ চৰকাৰ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে আন সকলো মন্ত্ৰালয় আৰু চৰকাৰী বিভাগ সমূহৰ দ্বাৰা অহা বছৰৰ মাৰ্চ মাহ পৰ্যন্ত কোনো ধৰণৰ নতুন আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। অৱশ্যে বিত্ত মন্ত্ৰালয়ৰ এই বাধাৰ আওতাৰ বাহিৰত ৰখা হৈছে প্ৰধানমন্ত্ৰী গৰিৱ কল্যান যোজনা আৰু আত্মনির্ভৰশীল ভাৰত আঁচনিক ।

উল্লেখযোগ্য যে অহা বছৰতে অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত হ’ব লাগে বিধানসভা নিৰ্বাচন। তেনে থলত চলিত বিত্তীয় বছৰটোত নতুন আঁচনি ল’ব নোৱাৰাটো দুৰ্ভাগ্যজনক ৰূপে বিবেচিত হৈছে অসমকে ধৰি নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া ৰাজ্য বোৰৰ শাসক পক্ষৰ বাবে।