Local, Vocal, Global

কোৱাৰেণ্টাইনত বিশৃংখলতাৰ সৃষ্টি কৰিলে সাঙোৰ খাব এটেম্পট্ টু মার্দাৰ কেছতঃ স্বাস্থ্য মন্ত্ৰী

কোৱাৰেণ্টাইন চেণ্টাৰত বিশৃংখলতাৰ সৃষ্টি কৰা অথবা পলায়ন কৰাসকলক গ্ৰেপ্তাৰৰ লগতে এটেম্পট্ টু মাৰ্দাৰ কেছ জাপি জে’ললৈ প্ৰেৰণ কৰা হ’ব৷ এনে লোকৰ বিৰুদ্ধে জামিনবিহীন গোচৰ তৰাৰ কথা সকীয়াই দিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ৱ শৰ্মাই৷ অৱশ্যে কোবাৰেণ্টাইত থকা ব্যক্তিসকলে বিশৃংখলতাৰ সৃষ্টিৰ বিপৰীতে কোনো অসুবিধা পালে স্বাস্থ্য বিভাগক পোনপটীয়াকৈ জনোৱাৰ আহ্বান জনাইছে মন্ত্ৰী ড০ শৰ্মাই৷ বিশ্বনাথত বৃহস্পতিবাৰে এক সংবাদমেলত মন্ত্ৰীগৰাকীয়ে লগতে তেওঁক কোৱাৰেণ্টাইত থাকিব লাগে বুলি মন্তব্য কৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকো কটাক্ষ কৰি কয় যে কোৱাৰেণ্টাইন মানে জে’ল নহয়৷ তেওঁ কোৱাৰেণ্টাইনলৈ গ’লে যদি দেৱব্ৰত শইকীয়াৰ লাভ হয় তেন্তে কোৱাৰেণ্টাইনলৈ যোৱাত আপত্তি নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ অৱশ্যে মন্ত্ৰীগৰাকী কোৱাৰেণ্টাইনলৈ গলে তেওঁৰ ঠাইত দেৱব্ৰত শইকীয়া ঘূৰি ফুৰিব লাগিব বুলি পুনৰবাৰ কটাক্ষ কৰি ড০ শৰ্মাই কয় যে এই মুহূৰ্তত তেওঁৰ কাম ১৬০০ ৰোগীক সুস্থ কৰি ঘৰলৈ পঠিওৱাহে, বিৰোধীক সন্তুষ্ট কৰা নহয়৷