Local, Vocal, Global

কেৰালাত এছ ডি পি আই নেতাৰ হত্যাৰ সন্দৰ্ভত আৰু দুজন এছ এছ কৰ্মীক গ্ৰেপ্তাৰ।

 নিউজ ডেস্কঃ ১৮ ডিচেম্বৰত আলাপুঝাত ছ’চিয়েল ডেমক্রেটিক পাৰ্টি অৱ ইণ্ডিয়াৰ (এছ ডি পি আই) ৰাজ্যিক সম্পাদক কে এছ শানৰ হত্যাৰ সন্দৰ্ভত আৰক্ষীয়ে শুকুৰবাৰে দুজন আৰু আৰ এছ এছ কৰ্মীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা আৰ এছ এছ নেতা দুজনৰ এজনক ত্ৰিচুৰ জিলাৰ চালাকুডি তালুকৰ সংগঠনটোৰ বৌধিক প্ৰমুখ ৪৯ বছৰীয়া কে টি সুৰেশ বুলি আৰক্ষীয়ে চিনাক্ত কৰে। আনহাতে, গ্ৰেপ্তাৰ কৰা আনজন আৰ এছ এছ কৰ্মী ২৭ বছৰীয়া এম উমেশ।

এই দুজনক আৰক্ষীয়ে শুক্রবাৰে ত্ৰিচুৰ জিলাৰ এটা গোপন স্থানৰ পৰা আটক কৰে। ইয়াৰ পূৰ্বে, আৰক্ষীয়ে নিহত এছ ডি পি আই নেতাজনৰ গৃহভূমি আলাপুঝাৰ মান্নানচেৰী গাঁৱৰ বাসিন্দা আন দুজন আৰ এছ এছ কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল।

শানৰ মৃত্যুৰ পিছত ১২ ঘন্টাৰ ভিতৰত অ’বিচি মৰ্চাৰ ৰাজ্যিক সম্পাদক ৰঞ্জিত শ্ৰীনিবাসনৰ প্ৰতিশোধমূলক হত্যাকাণ্ড সংঘটিত হৈছিল।ৰঞ্জিত হত্যাকাণ্ডৰ সন্দৰ্ভত পাঁচজন এছ ডি পি আই কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। শুক্রবাৰে আৰক্ষীয়ে কয় যে গ্ৰেপ্তাৰ কৰা কোনো ব্যক্তি, দুয়োটা ক্ষেত্রতে, অপৰাধটোত পোনপটীয়াকৈ জড়িত নাছিল, কিন্তু আক্রমনকাৰীসকলক লজিষ্টিক সমৰ্থন দিছিল।