কেন্দ্ৰৰ পুনৰ তিনি কৃষি আইন প্ৰৱৰ্তন কৰাৰ কোনো পৰিকল্পনা নাই- নৰেন্দ্ৰ সিং টোমাৰ

নিউজ ডেস্কঃ কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে শনিবাৰে স্পষ্টকৈ কয় যে, কেন্দ্ৰই সংশোধিত ৰূপত কৃষি আইন পুনৰ প্ৰৱৰ্তন নকৰে।কেন্দ্ৰীয় মন্ত্ৰীজনৰ এই স্পষ্টীকৰণক লৈ কংগ্ৰেছে অভিযোগ কৰে যে, যিহেতু পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত সেয়েহে নিৰ্বাচনৰ পিছতেই পুনৰ সংশোধনীৰ সৈতে তিনিখন কৃষি আইন অৰ্থাৎ যিবোৰ এতিয়া বাতিল কৰা হৈছে সেইবোৰ ঘূৰাই অনাৰ পৰিকল্পনা কৰিছে। নাগপুৰৰ এক অনুষ্ঠানত টোমাৰে কয় যে-“আমি কৃষি আইন আনিছিলো।কিন্তু কিছুমান মানুহে এই আইন গ্ৰহণ কৰা নাছিল। স্বাধীনতাৰ ৭০ বছৰৰ পিছত এইটো এটা ডাঙৰ সিদ্ধান্ত হৈছিল,যিটো নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আগবাঢ়িছিল। কাৰণ কৃষকসকল ভাৰতৰ মেৰুদণ্ড আৰু যদি মেৰুদণ্ড শক্তিশালী হয়,তেন্তে দেশ শক্তিশালী হ’ব। টোমাৰৰ মন্তব্যৰ সন্দৰ্ভত কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰণদীপ সুৰজেৱালাই কয় যে- টোমাৰৰ বক্তব্যই পুনৰ তিনিখন কৃষক বিৰোধী আইন ঘূৰাই অনাৰ পৰিকল্পনা কৰিছে আৰু পুঁজিপতিৰ হেঁচাত তেঁওলোকে এয়া কৰি আছে।তাৰোপৰি কংগ্ৰেছ নেতাজনে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাঁচখন ৰাজ্যৰ নিৰ্বাচনত পৰাজয়ৰ আশংকা কৰি সংসদত তিনি কৃষি আইনৰ বাবে ক্ষমা বিচাৰিছিল আৰু বাতিল কৰিছিল।