Local, Vocal, Global

কামাখ্যা ৰে’ল ষ্টেচনত উদ্ধাৰ বৃহৎসংখ্যক বিৰল প্ৰজাতিৰ কাছ

নিউজ ডেস্ক, ৬ ফ্ৰেব্ৰুৱাৰীঃ শনিবাৰে গুৱাহাটীৰ ৰেল ষ্টেচনত আৰ পি এফৰ জোৱানসকলে ২৩৫ টা বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ কৰে ।
                 বন্যপ্ৰাণী বিষয়াসকলৰ মতে, কাছবোৰ ১০ টা মোনাৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত পোৱা গৈছিল। ইন্দোৰৰ পৰা অহা এখন ৰে’লত আৰ পি এফৰ সহকাৰী উপপৰিদৰ্শক ভণিতা বৰ্মন তালুকদাৰৰ লগতে হেড কনিষ্টবল নাৰায়ণ দাসে দুটা ডবাত ১০ টা মোনা পাইছিল।
                  বিষয়াসকলে জনোৱা মতে, কাছবোৰ কামৰূপ পূৱ বিভাগৰ অন্তৰ্গত গুৱাহাটী বন পৰিসৰলৈ হস্তান্তৰ কৰা হয়। অৱশ্যে এই বিষয়ত এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ হোৱা নাই।
                  বনবিভাগে জব্দ কৰা কাছকেইটা গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যায়।