Local, Vocal, Global

কভিদ-১৯: ভাৰতলৈ ফ্ৰান্সৰ ঔষধৰ সাহাৰ্য্য।

কভিদ-১৯: ভাৰতলৈ ফ্ৰান্সৰ ঔষধৰ সাহাৰ্য্য।

কভিডৰ ভয়াবহতাৰ মাজতে ভাৰতবাসী লৈ আহিছে ভাল খবৰ। মংগলবাৰে ফ্ৰান্সে ঘোষণা কৰিলে ‘সংহতি অভিযান’।
এই অভিযানৰ জৰিয়তে ফ্ৰান্সে কভিড মহামাৰীত আক্ৰান্ত হোৱা দেশলৈ প্ৰেৰণ কৰিব অক্সিজেন জেনেৰেচন প্লেন্ট, ভেন্টিলেটৰ আৰু যাৱতীয় ঔষধ।
এই সামগ্ৰীসমূহ ফ্ৰান্সে জলপথ আৰু আকাশীপথেৰে ভাৰতলৈ প্ৰেৰণ কৰিব।
কভিডৰ এই ভয়াবহতাৰ সময়ত, যি সময়ত দেশৰ বিভিন্ন ঠাইত বিচনাৰ অভাৱতেই হওঁক বা অক্সিজেনৰ অভাৱতেই হওঁক এজনৰ পাছত আনএজন লোকৰ মৃত্যুৰ খবৰ আহিবলৈ ধৰিছে। সেই সময়তে ফ্ৰান্সৰ এই মহানুভৱতা অতিকৈ গুৰুত্বপূৰ্ণ তথা প্ৰশংসনীয়।