ক’ভিড-১৯ত আক্ৰান্ত লোকসভাৰ সাংসদ কুইন ওজা

নিউজ ডেস্ক, ৭ জানুৱাৰীঃ বৃহস্পতিবাৰে গুৱাহাটীৰ লোকসভাৰ সাংসদ কুইন ওজা ক’ভিড ১৯-ত আক্ৰান্ত হয়। এই কথা সাংসদজনে টুইটাৰযোগে নিজে সদৰী কৰে। বৰ্তমান সাংসদগৰাকীক গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়।
সাংসদ কুইন ওজাই টুইটাৰযোগে যোৱা কেইদিনমানৰ ভিতৰত তেঁওৰ সংস্পৰ্শলৈ অহা সকলো লোককে ক’ভিড পৰীক্ষা কৰাবলৈ অনুৰোধ জনায়।