Local, Vocal, Global

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনী সংঘর্ষ




 নিউজ ডেস্ক,৬জানুৱাৰী: কালি কটন বিশ্ববিদ্যালয়ত ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। এই নিৰ্বাচনত সদৌ অসম ছাত্র সন্থাৰ প্ৰাৰ্থীৰ পৰাজয়ৰ বিপৰীতে ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীসকলৰ বৃহৎ জয় সাব্যস্ত হয়। এই ঘটনাক কেন্দ্র কৰি কালি নিশা কটন বিশ্ববিদ্যালয়ত সংঘটিত হয় নিৰ্বাচনত্তোৰ হিংসাৰ ঘটনা। জানিব পৰা মতে সীতানাথ ব্ৰহ্ম চৌধুৰী আৰু মহেন্দ্র নাথ ডেকা ফুকন ছাত্রাৱাসৰ মাজত সংঘটিত হয় এই হিংসাত্মক সংঘর্ষ। ফলত বহু ছাত্র আহত হয় আৰু হোষ্টেলৰ বহুতো আচবাব ভাঙি লণ্ড-ভণ্ড কৰে একাংশ উদণ্ড ছাত্রই। আহত ছাত্রসকলোক নিশাই ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয়।  হোষ্টেল গৃহত উপদ্ৰব চলোৱাৰ লগতে একাংশ ছাত্রই হোষ্টেলৰ ৰান্ধনী গৃহতো উপদ্রব চলাইছিল। পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰে এতিয়াও কটন বিশ্ববিদ্যালয়ৰ চৌহদ কটকটীয়া কৰি ৰখা হৈছে।









ReplyForward
ReplyForward