Local, Vocal, Global

কংগ্ৰেছ ত্যাগ কৰিলে বাঘবৰৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে

নিউজ ডেস্ক, ৩১ জানুৱাৰীঃ বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰা বিধায়ক শ্বেৰমান আলীয়ে গৰুখুটিঁৰ উচ্ছেদৰ সময়ত ছহিদক অপমান কৰা মন্তব্যৰে বিতৰ্কৰ সূচনা কৰিছিল আৰু পৰৱৰ্তী সময়ত জেললৈ যাবলগীয়া হৈছিল।
                  নিজৰ বিতৰ্কিত মন্তব্যৰে কংগ্ৰেছ দলক বিপদত পেলাই অহা শ্বেৰমান আলী আহমেদক কংগ্ৰেছ সভাপতি ভূপেন বৰাই কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল। এই জাননীৰ উত্তৰ প্ৰদানৰ বাবে অন্তিম সময় আছিল ৩১ জানুৱাৰী,২০২২। কিন্তু বিধায়কগৰাকী নিজৰ স্থিতিত অটল আছিল।
                 ইয়াৰ পিছতে বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ হাতত পদত্যাগ পত্ৰ আনুষ্ঠানিকভাৱে অৰ্পন কৰে। আজি দুপৰীয়া ২ বজাত কংগ্ৰেছৰ অসম বিধায়িনী দলৰ কক্ষত উপস্থিত হৈ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ কাৰণসমূহ আৱেগিকভাৱে বিশ্লেষণ কৰে।