এ চি এ মুনীন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৭ জানুৱাৰীঃ অসম ক্ৰিকেট সন্থাৰ ৫০ কোটি টকাৰ কেলেংকাৰী সন্দৰ্ভত আৰক্ষীয়ে আৰু এজন লোকক গ্ৰেপ্তাৰ কৰে। অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন কোষাধ্যক্ষ তথা ডিব্ৰুগড়ৰ বাসিন্দা মুনীন্দ্ৰ শইকীয়াক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে। ধৃত মুনীন্দ্ৰ নাথ শইকীয়াই প্ৰদীপ বুঢ়াগোঁহাই অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক হৈ থকা অৱস্থাত কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ধৃত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন কোষাধ্যক্ষ মুনীন্দ্ৰ নাথ শইকীয়াক আৰক্ষীয়ে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই ৫ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে দুয়োপক্ষৰ অধিবক্তাৰ যুক্তি-তৰ্ক শুনি ধৃত মুনীন্দ্ৰ নাথ শইকীয়াক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে ২০১৬ চনৰ জুনৰ পৰা ২০১৯ চনৰ জানুৱাৰীলৈ এচিএত সংঘটিত কৰা দূনীৰ্তি-অনিয়মৰ অভিযোগত আৰক্ষীয়ে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোঁহাইক আৰক্ষীয়ে আটক কৰিছিল।আৰক্ষীৰ সূত্ৰই জনোৱা মতে, অসম ক্ৰিকেট সন্থাত ৫০ কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱা বুলি এ চি এয়ে অসম ক্ৰিকেট সংস্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোঁহাইৰ বিৰুদ্ধে ফটাশিল আমবাৰী থানাত এজাহাৰ দাখিল কৰিছিল। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪০৬/৪০৯/৪২০/৪৬৯ নং ধাৰাৰ অধীনত থানাত ৮১৭/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোঁহায়ে অসম ক্ৰিকেট সংস্থাত ব্যাপক অনিয়ম সংঘটিত কৰা বুলি তথ্য লাভ কৰি গ্ৰেপ্তাৰৰ চেষ্টা চলাইছিল যদিও পলাতক প্ৰদীপ বুঢ়াগোঁহাইক গ্ৰেপ্তাৰ কৰে।