এবাৰ দুবাৰ নহয় ৭৮ বাৰকৈ ক’ভিডত আক্ৰান্ত এজন লোক
নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰী: তুৰ্কীৰ মুজাফৰ কায়াছন নামৰ ব্যক্তি গৰাকী ৭৮ বাৰকৈ আক্ৰান্ত হয় কৰ’নাত। বিশ্বৰ ভিতৰতে সৰ্বাধিক কৰ’নাত আক্ৰান্ত হোৱা ব্যক্তি মুজাফৰ। বিগত ১৪ মাহ ধৰি ক’ভিড পজিটিভ হৈ আহিছে লোকজন। ২০২০ চনৰ নৱেম্বৰ মাহত প্ৰথমবাৰৰ কাৰণে আক্ৰান্ত হৈছিল কৰ’নাত। এবছৰ ধৰি চিকিৎসাধীন হৈ আছিল মুজাফৰ কায়াছন। প্ৰতিবাৰে ক’ভিড পজিটিভ ৰিপোৰ্ট লাভ কৰে মুজাফৰে। বৰ্তমানলৈ ৭৮ বাৰ মুজাফৰৰ কৰোৱা হৈছে ক’ভিড টেষ্ট। ৫৬ বছৰীয় মুজাফৰ লিউকেমিয়াত আক্ৰান্ত। দীৰ্ঘদিন ধৰি চিকিৎসালয়ত দিন কটাইছে মুজাফৰ কায়াছনে।