এক কৰুন বাস্তব, আৰু এগৰাকী তেজোদ্বীপ্ত যুৱতী

পোহৰ হেৰাল শিখাৰ!! শিখাই আৰু পোহৰ নিদিয়ে!! যৌৱনৰ আদিতেই, সপোন সজোৱাৰ বয়সতেই শিখাৰ পোহৰ নোহোৱা হ’ল।। এক কৰুন বাস্তব, আৰু এগৰাকী তেজোদ্বীপ্ত যুৱতী। সপোন খেদি উচ্চ শিক্ষাৰে শিখাৰ পোহৰ বিলোৱা এইয়া বোকাখাতৰ “শিখা” ৰ কাহিনী।
বানবিধস্ত বোকাখাতৰ গৰৈমাৰী গাওঁ ।এটা উৰুখা পঁজা। কৃষক পিতৃৰ সপোনবোৰ সজাবলৈ এইটো উৰুখা পঁজাৰ পৰাই খুমটাই জয়া গগৈ কলেজলৈ ওলাই গৈছিল “শিখা”। কলা শাখাৰ স্নাতক হ’বলৈ তাই নাপালেই, জীৱনে তাইৰ লগত খেলিলে আন এক খেলা।। প্ৰথমে সামান্য জ্বৰ,,। আৰু তাৰ পিছত দুয়োটা ভৰিয়েই পংগু। এতিয়া পিতৃ মাতৃ আৰু এডাল পেং “শিখাৰ” সংগী। এজনী তেজোদ্বীপ্ত যুৱতীৰ সপোন বোৰ বন্দী এতিয়া এটা উৰুখা পজা আৰু এডাল পেং ত।
বোকাখাত বিধানসভা সমষ্টিৰ গৰৈমাৰী গাঁৱৰ ৰানা বড়ি আৰু জ্যোতি বড়িৰ দ্বিতীয় কন্যা শিখা বড়ি।। বুকুত হেজাৰ সপোন লৈ আনক পোহৰ বিলোৱা সপোন জীওৱা শিখা এতিয়া নিজেই এন্ধাৰ। কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহসমস্টিৰ গৰৈমাৰী অঞ্চলৰ এইগৰাকী যুৱতীলৈ অতুল বৰাই দিলে মাত্ৰ তিনি হাজাৰ টকা। এঘাৰ লাখ কৈ টকা ধাৰ ৠন কৰি শিখাক চিকিৎসা কৰি এতিয়া সৰ্বস্বান্ত কৃষক পিতৃ মাতৃ। অসমবাসী ৰাইজৰ লগতে বিগত সময়ৰ স্বাস্থ্যমন্ত্ৰী তথা এতিয়াৰ মুখ্যমন্ত্ৰী ড,হিমন্ত বিশ্ব শৰ্মালৈ দূৰ্ভগীয়া পৰিয়াল টোৰ আহ্বান “শিখা” ক উজ্বলাই তোলক।
শিখাক চিকিৎসাৰ বাবে ইউ বি আই বেংকৰ কমাৰগাঁও শাখাৰ
একাউন্ট নম্বৰ =0794010303736
IFST code =UTBIOKMGG39
আৰু ৯৮৬৪৯১৪২৯৮ নম্বৰত যোগাযোগ কৰি সহায় কৰিবলৈ আহ্বান জনাইছে দূৰ্ভগীয়া পৰিয়ালটোৱে।