Local, Vocal, Global

এইবোৰ কাৰণতে জীৱনত সুখী নহয় মানুহ।

ডিজিটেল ডেস্ক : আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? কেনেকৈ সুখী হ’ব পাৰি?
নীতিশাস্ত্ৰৰ পণ্ডিত আছিল চাণক্য। কিতাপত তেওঁৰ নীতিবোৰ লিপিবদ্ধ আছে। সেই গ্ৰন্থত তেওঁ জীৱনত সুখী হোৱাৰ আদৰ্শ উপায় সম্পৰ্কে জনাইছে।
প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চাণক্যই তেওঁৰ নীতিৰে জীৱনৰ সফলতাৰ সৈতে আগুৱাই যোৱাৰ দিশ দেখুৱাইছে। আধুনিক জীৱনতো বাৰম্বাৰ তেওঁৰ নীতি অভ্ৰান্ত বুলিয়ে প্ৰমাণিত হৈছে। চাণক্যই এখন অসাধাৰণ কিতাপ ৰচনা কৰিছিল যাৰ নাম অৰ্থশাস্ত্ৰ। এতিয়া বহু মানুহে সেই কিতাপত লিখা নীতি অনুসৰণ কৰি চলে। নীতিশাস্ত্ৰৰ পণ্ডিত আছিল চাণক্য। কিতাপত তেওঁৰ নীতিবোৰ লিপিবদ্ধ আছে। সেই গ্ৰন্থত তেওঁ জীৱনত সুখী হোৱাৰ আদৰ্শ উপায় সম্পৰ্কে জনাইছে। তেওঁৰ গ্ৰন্থত সকলো নীতি বিশ্লেষণ কৰিলে বুজা যা, সকলো নীতিতে আছে বাস্তৱ জ্ঞান আৰু শক্তিশালী যুক্তি। সেয়ে চাণক্যৰ নীতি অনুসৰণ কৰিলে কোনোদিন সুখ আৰু শান্তিৰ অভাৱ নহয়। লাভ হয় প্ৰগতিশীল জীৱন। চাওঁ আহক সুখী আৰু সমৃদ্ধিশালী জীৱন পাবলৈ চাণক্যই আমাক কোনবোৰ নীতি অনুসৰণ কৰিবলৈ কৈছে –

১. বৃদ্ধ আৰু নেতৃস্থানীয় ব্যক্তিৰ প্ৰতি বিনয়ী হ’ব লাগিব। কথা লাহে লাহে আৰু মধুৰ স্বৰত ক’ব লাগিব। জীৱন–যাপনৰ ধৰণ এনে হ’ব লাগিব যাতে যিকোনো কাম আৰু ব্যৱসায়ত সফলতা আহে।

২. অস্থিৰ মনক শান্ত কৰক। মন শান্ত হ’লেহে প্ৰকৃত বন্ধুক চিনিব পাৰি।

৩. আনৰ আনন্দ যিসকলে দুখ প্ৰকাশ কৰে, তেওঁলোক কোনোদিনেই সুখী হ’ব নোৱাৰে। মনত তৃপ্তি নাথাকিলে কোনো কামতে সফলতা নাহে।

৪. খং হ’ল আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু। কাৰণ ক্ৰোধান্বিত অৱস্থাত কোনো সিদ্ধান্ত সঠিকভাৱে লোৱা সম্ভৱ নহয়। খঙাল অৱস্থাত কোনো ভুল আৰু কোনটো সঠিক সেয়া স্পষ্টভাৱে স্থিৰ কৰিব নোৱাৰি।

৫. কেতিয়াও অন্ধভাৱে বিশ্বাস কৰি নিজৰ আটাইতকৈ গোপন কথা কাৰো ওচৰত ব্যক্ত কৰা উচিত নহয়। সেই গোপন কথাৰ বাবেই কোনোবা নহয় কোনোবা ব্যক্তি আপোনাৰ ধ্বংসৰ কাৰণ হ’ব পাৰে। চাণক্যৰ মতে, ঘনিষ্ঠ ব্যক্তিয়ে আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰিব পাৰে।

৬. আমি যিটো জীৱন পাইছে সেয়া তেনেই সৰু। আমি আমাৰ ভুলৰ পৰাই শিক্ষা লওঁ। সেয়ে নিজৰ ভুলৰ প্ৰতি মনোযোগ দিয়া প্ৰয়োজন। প্ৰতিটো ভুলৰ পৰাই শিক্ষা লাভ কৰা যায়। ৱাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা পোৱা শিক্ষাৰ কোনো বিকল্প হ’ব নোৱাৰে।

৭. কেতিয়াও লোভৰ দ্বাৰা পৰিচালিত হোৱা উচিত নহয়। লোভৰ বশৱৰ্তী হ’লে বাৰম্বাৰ ভুল পদক্ষেপ লোৱাৰ আশংকা থাকে।