উৎকোচ লৈ হাতে লোটে ধৰা পৰিল জনতা ভবনৰ কৰ্মচাৰী

নিউজ ডেস্ক:এইবাৰ জনতা ভৱনত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।নগদ ৪ হাজাৰ টকাৰ ঘোচ লৈ হাতে – লোটে ধৰা পৰিল জনতা ভৱনৰ এগৰাকী মহিলা কৰ্মচাৰী।তেওঁ জনতা ভৱন স্থিত বড়োলেণ্ড কল্যাণ বিভাগৰ জ্যেষ্ঠ সহায়ক বুলি জানিব পৰা গৈছে। মহিলা গৰাকীৰ নাম সীমা দেৱী।
এজন ব্যক্তিৰ কাম কৰি দিয়াৰ বিনিময়ত ১০ হাজাৰ টকা দাবী কৰিছিল মহিলা গৰাকীয়ে।ইয়াৰ প্ৰথম কিস্তিত ৪ হাজাৰ ঘোচ লৈ হাতে লোটে ধৰা পৰে এই দুৰ্নীতি গ্ৰস্ত মহিলা কৰ্মচাৰী গৰাকী। ভুক্ত ভোগী লোক জনে ঘোচ দাবী কৰাৰ কথা অৱগত কৰে।তাৰ পিছতে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই সচিবালয়ত।