ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ৰাছিয়াৰ

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে ৰাছিয়াই। অৱশেষত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযানৰ নিৰ্দেশ দিয়ে । পুটিনৰ নিৰ্দেশৰ পিছতে ইউক্ৰেইনৰ দিশে অগ্ৰসৰ হৈছে ৰাছিয়ান সেনা। ইউক্ৰেইনৰ ৰাজধানী লগতে কেইবাখনো চহৰত শুনা গৈছে বিস্ফোৰণৰ শব্দ।
আনহাতে, পুটিনক ৰাছিয়ান সৈন্য ওভতাই নিবলৈ অনুৰোধ জনাইছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিও গুটাৰেজে।
পুটিনৰ মন্তব্য যে পৰিস্থিতি এতিয়া যি পৰ্যায়ত উপনীত হৈছে সেয়া এতিয়াও যুদ্ধ ফালে গতি কৰা নাই। পুটিনে কয় যে ইতিমধ্যই ৰাছিয়াই বিশেষ সামৰিক অভিযান আৰম্ভ কৰিছে যাৰ লক্ষ্য হৈছে ইউক্ৰেইনক সম্পূৰ্ণৰূপে অস্ত্ৰবিহীন কৰা।
এই ঘোষণাৰ লগতে পুটিনে সকলোকে সকীয়াই দিছে যে , “কোনো বাহিৰা শক্তিয়ে যদি ইয়াত হস্তক্ষেপ কৰে তেন্তে ভয়ংকৰ পৰিণাম ভুগিবলৈ সাজু থাকিব লাগিব, যি পৰিণাম ইতিহাসত পূৰ্বে কোনেও কেতিয়াও ভোগ কৰা নাই। সকলো জৰুৰী সিদ্ধান্ত লৈ লোৱা হৈছে। আশা কৰোঁ মোৰ কথা সকলোৱে শুনিছে।”