আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী নিযুক্তি বোৰ্ডৰ বৈঠক সম্পন্ন

News Desk : অসম আৰক্ষীৰ অধ্যক্ষ ভাস্কৰজ্যোতি মহন্তৰ সভাপতিত্বত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী নিযুক্তি বোৰ্ডৰ আজি এলানি বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকখনত কনিষ্টবল নিযুক্তিৰ বিভিন্ন দিশ আলোচনা কৰা হয়। উল্লেখ্য যে ১৯ জানুৱাৰীত ইতিমধ্যে ২৩৯১ টা ইউ বি আৰু ৪২৭১ টা এ বি কনিষ্টবল, ৮১৩ টা অসম আৰক্ষী অনাতাৰ সংগঠন আৰু ৭৮৮ টা অগ্নি আৰু জৰুৰীকালীন সেৱাৰ কনিষ্টবল, ৭৫৪ টা অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ অধীনৰ কনিষ্টবলৰ লগতে ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ ১৫৪ টা কনিষ্টবল পদৰ বাবে অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা। উক্ত পৰীক্ষাৰ বাবে যোগ্য বিবেচিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হৈছে।