Local, Vocal, Global

আৰক্ষী আৰু আলফা(স্বা)ৰ মাজত গুলীয়াগুলী

আৰক্ষী আৰু আলফা(স্বা)ৰ মাজত সংঘৰ্ষ |
বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰীত বুধবাৰে নিশা আৰক্ষী আৰু আলফা ৰ মাজত সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা। আলফা (স্বাঃ)ৰ দুজন কেডাৰে বেছিমাৰীত এখন ঘৰত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। ইয়াৰ পাছতেই, গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে উক্ত ঘৰত অভিযান চলাইছিল।

আৰক্ষী সঞ্চালক প্ৰধানে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰা তথ্য অনুসৰি এই সংঘৰ্ষত দৃষ্টি ৰাজখোৱাৰ ঠাইত নিযুক্ত আলফা স্বাধীনৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ সদস্য দ্বীপেন সাউদৰ মৃত্যু হৈছে। ইফালে, পদুম ৰায় নামৰ আন এজনক মাৰণাস্ত্ৰৰে সৈতে জীৱিত অৱস্থাত আটক কৰিছে আৰক্ষীয়ে । তদুপৰি আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুটা পিষ্টল আৰু গ্ৰেনেড জব্দ কৰিছে।

ইফালে, আলফা ৱেষ্টাৰ্ণ কামাণ্ডে আন দেশ বিৰোধী শক্তিৰ সহযোগত অপহৰণৰ পৰিকল্পনা কৰি থকাৰ কথা প্ৰকাশ কৰি এই পৰিকল্পনা বৰ্তমান বিফল হৈছে বুলিও উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।