Local, Vocal, Global

আমিনগাঁৱত কেন্দ্ৰীয়ভাৱে চিলাৰায় দিৱস উদযাপন

কামৰূপ, আমিনগাঁও ১৬ ফেব্ৰুৱাৰীঃ চিলাৰায়ৰ দৰে এগৰাকী সৰ্বগুণ সম্পন্ন বীৰপুৰুষ সমাজ হিতৈষী ব্যক্তিৰ জীৱন চৰ্চাই জনসাধাৰণক সঁচাকৈয়ে অনুপ্ৰাণিত কৰিব যদিহে তেওঁৰ কীৰ্তিসমূহ সঠিক ৰূপত দাঙি ধৰিব পৰা যায়৷’–আজি বিশ্বমহাবীৰ চিলাৰায়ৰ ৫১২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে কামৰূপৰ আমিনগাঁৱত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা চিলাৰায় দিৱসৰ কাৰ্যসূচীত নিজৰ ভাষণ প্ৰসংগত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে এইদৰে কয় ৷
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসন, সদৌ অসম কোচ-ৰাজবংশী সন্মিলনী তথা উত্তৰ কামৰূপ জিলা কোচ-ৰাজবংশী সন্মিলনীৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে আড়ম্বৰতাৰে আমিনগাঁৱৰ চিলাৰায় উদ্যানত উদযাপন কৰা এই দিৱসৰ কাৰ্যসূচীত তেওঁ আৰু কয় যে এটা জাতিৰ সহিত্য, ঐতিহ্য-পৰম্পৰা, অতীত গৌৰৱৰ সৈতে নৱ প্ৰজন্মৰ যিমানেই সংযোগ ঘটিব সিমানেই তেওঁলোকৰ মনত জাতীয় চেতনা জাগৃত হ’ব আৰু নিজ নিজ ক্ষেত্ৰৰ জৰিয়তে স্বদেশ-স্বজাতিৰ হ’কে সেৱা আগবঢ়াবলৈ সদা সচেতন হ’ব৷ তেনে এক চিন্তাৰ আলমতে চিলাৰায়ৰ জীৱন দৰ্শন, কোচ ৰাজ্যৰ কীৰ্তিসমূহ জনসাধাৰণৰ বাবে উপলব্ধ কৰিবলৈ আৰু উত্তৰসুৰীক গৱেষণাৰ সুযোগ দিবলৈ এই উদ্যানত এটা সংগ্ৰহালয় স্থাপন কৰাৰ দিহা কৰা হৈছে ৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাংস্কৃতিক বিভাগৰ সঞ্চালক দেৱজিত খনিকৰে কয় যে ৬১ বছৰীয়া জীৱন কালত বীৰ চিলাৰায়ে শৌয্য-বীৰ্য আৰু অকল্পনীয় পৰাক্ৰমৰ বিৰল উদাহৰণ দাঙি ধৰিছিল আৰু বিভিন্ন জাতি-ধৰ্মৰ লোকক একত্ৰিত কৰি বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠাত সফল হৈছিল৷ আগন্তুক দিনত এইজনা বীৰৰ স্মৃতি যুগমীয়া কৰাৰ স্বাৰ্থত পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও তেওঁ উল্লেখ কৰে ৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই কয় যে অতুলনীয় যুদ্ধ শৈলীৰ বাবে বিশ্ববীৰগৰাকী চিৰস্মৰণীয় হৈ থাকিব৷ তেওঁ আৰু কয় যে অসমীয়াৰ গৌৰৱ মহান বীৰ চিলাৰায়ক বিশ্বত প্ৰতিষ্ঠা কৰিবৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিব লাগিব৷ এই ক্ষেত্ৰত বৰ্তমান অসম চৰকাৰে লোৱা পদক্ষেপৰো তেওঁ শলাগ লয়৷
সভাত ভাষণ প্ৰদান কৰি কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে কয় যে মহাপুৰুষ গুৰুজনাৰ শেষৰ সময়ছোৱাত তেৰাক পৃষ্ঠপোষকতা কৰি বৰ অসমৰ গুৰি ধৰোতা বা সমাজ নিৰ্মাণ কৰোতাসকলৰ শাৰীত নৰনাৰায়ণ আৰু চিলাৰায়ৰ নাম খোদিত কৰি থৈ গৈছে আৰু এই মহান বিশ্ববীৰগৰাকীৰ জীৱন দৰ্শনেৰে আজিৰ প্ৰজন্মই নিজ নিজ কৰ্মক্ষেত্ৰত আগুৱাই যাবৰ বাবে অনুপ্ৰেৰণা ল’ব লাগে ৷
চিলাৰায় দিৱস উদযাপনৰ মাধ্যমেৰে কলম আৰু তৰোৱালৰ সুষম ব্যৱহাৰেৰে অমূল্য বৰঙণি আগবঢ়াই যোৱা এই মহান বীৰগৰাকীৰ অসাধাৰণ গুণৰাজিৰ দ্বাৰা দৈনন্দিন জীৱনত উদ্বোদ্ধ হ’বলৈ বিশিষ্টা শিক্ষাবিদ ডঃ শোভা দত্তই নৱ প্ৰজন্মক আহ্বান জনায় ৷
সভাৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰি সদৌ অসম কোচ-ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে আমিনগাঁও স্থিত চিলাৰায় উদ্যানৰ উন্নয়ন আৰু পৰিচালনাৰ ক্ষেত্ৰত স্থায়ী পদক্ষেপ ল’বলৈ চৰকাৰলৈ গোহাৰি জনায় ৷
সভাত উপস্থিত থাকি সাংবাদিকেৰে হোৱা বাৰ্তালাপত ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে মহাপুৰুষ শংকৰদেৱৰ অনন্য সৃষ্টিসমূহ বিকশাই তোলাৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰি অসাধাৰণ সমৰ কলাৰ পৰিচায়ক তথা সংস্কৃতৰ বিদগ্ধ পণ্ডিত চিলাৰায়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি উল্লেখ কৰে ৷
দিৱস উদযাপন সমিতিৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক মধুসূদন মেধিয়ে আঁত ধৰা চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে আনুষ্ঠনিক অভিবাদনেৰে বিশ্ববীৰগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷
কুশান, গোৱালিনী আদি কোচ-ৰাজবংশীসকলৰ লোকনৃত্য আৰু নাম-কীৰ্তনেৰে মুখৰিত আজিৰ অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, কোচ-ৰাজবংশী সন্মিলনীৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷