আপুনি বাৰু তিতা কেৰেলা খায় ভাল পায়নে?আজি আমি আপোনালোকক তিতা কেৰেলাৰ উপকাৰীতাৰ বিষয়ে কম…

আপুনি বাৰু তিতা কেৰেলা খায় ভাল পায়নে?বহুতৰে বাবে তিতা কেৰেলা অতি প্ৰিয় আৰু কিছুমানে তিতা কেৰেলা খায় বেয়া পায় ইয়াৰ তিতা গুণটোৰ বাবে।কিন্তু সোৱাদত তিক্ত হ’লেও ই সকলো সময়তে স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াক খাবলৈ তিতা হ’লেও ইয়াৰ ঔষধি গুণ বহুতো আছে।খাবলৈ ভাল নলগা এইবিধ খাদ্য বহুতো ঔষধি গুণেৰে সমৃদ্ধ হৈ আছে। শিশুৰ পৰা বৃদ্ধ লৈ সকলোৰে বাবে কেৰেলা উপকাৰী।আহকচোন আমি ইয়াৰ বিষয়ে জানো।তিতা কেৰেলাত ইমানেই ঔষধী গুণ আছে যে আপুনি শুনিলে আচৰিত হ’ব।
তিতা কেৰেলাৰ শিপা, গা-গছ আৰু পাত আয়ুৰ্বেদৰ মতে অতি উপকাৰী।
তিতা কেৰেলাত ভিটামিন বি-১, বি-২, বি-৩, বি-৫, বি-৬, বি-৯, ভিটামিন-চি, ভিটামিন-ই, ভিটামিন-কে আৰু খনিজ (মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম, কেলচিয়াম, ফচফৰাচ, আইৰণ, কপাৰ, ফাইটো নিউট্ৰিয়েণ্ট (বিটা-কেৰটিন, আলফা- কেৰটিন আৰু লিউচিন-জিয়াঝেনথিন) ইলেকট্ৰলাইট (প’টেচিয়াম আৰু চ’ডিয়াম যথেষ্ট পৰিমাণে আছে যি আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী।কেৰেলাত ফছফৰাছ থাকে যিয়ে কফ, কোষ্ঠকাঠিন্য আৰু পাচনজনিত ৰোগ দূৰ কৰে। তিতা কেৰেলাই হজম ভাল কৰে। যদি আপুনি মেদবহুলতাৰ সমস্যাত ভুগিছে তেন্তে কেৰেলা খাওক । তিতা কেৰেলাৰ ৰসে মেদবহুলতা কমোৱাত যথেষ্ট সহায় কৰে।
কেৰেলাত অতি কম কেলোৰি থাকে যাৰ ফলত কেলোৰি নিয়ন্ত্রণত থাকে আৰু ওজন বৃদ্ধি নকৰে। কেৰেলাৰ ৰস খালে শৰীৰক ডিটক্স কৰি তুলিব আৰু ওজন হ্রাস কৰে ।তিতা কেৰেলাই ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়। তিতা কেৰেলা ডায়েবেটিছ ৰোগীসকলৰ বাবে অতি উপকাৰী ।কিডনিৰ পাথৰ নিষ্কাষনত বাবে উপযোগী তিতাকেৰেলা ।তিতা কেৰেলা খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ দিশে আগবাঢ়ে৷
আপুনি বাৰু তিতা কেৰেলা খায় ভাল পায়নে?আজি আমি আপোনালোকক তিতা কেৰেলাৰ উপকাৰীতাৰ বিষয়ে কম…