Local, Vocal, Global

আথিয়া চেট্টী আৰু কে এল ৰাহুলৰ সংগীত অনুষ্ঠানৰ আকৰ্ষণীয় ফটো শ্বেয়াৰ !

আথিয়া চেট্টী আৰু কে এল ৰাহুলে সংগীত অনুষ্ঠানৰ সুন্দৰ ফটো শ্বেয়াৰ।আথিয়া আৰু কে এল ৰাহুলে তেওঁলোকৰ সংগীত অনুষ্ঠানৰ কিছুমান ফটো শ্বেয়াৰ কৰিছে। ২৩ জানুৱাৰীত দুয়োজনে বিবাহপাশত আৱদ্ধ হৈছিল।বহু বছৰ একেলগে থকাৰ পিছত, ক্ৰিকেটাৰ কে এল ৰাহুল আৰু অভিনেত্ৰী আথিয়া শ্বেট্টীয়ে অৱশেষত ২৩ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ বিয়াখনত কেৱল পৰিয়ালৰ সদস্যই উপস্থিত আছিল। বিয়াখন সুনিল চেট্টীৰ খাণ্ডালা ঘৰত অনুষ্ঠিত হৈছিল। শ্বেয়াৰ কৰা ফটোবোৰৰ জৰিয়তে অনুৰাগীক তেওঁলোকক আনন্দৰ উদযাপনৰ কিছু মুহূৰ্তৰ আভাস দিয়ে।

তেওঁলোকৰ হালধি, বিবাহৰ পূৰ্বৰ অনুষ্ঠান আৰু মুখ্য বিবাহৰ ফটো শ্বেয়াৰ কৰাৰ পিছত, দম্পতীহালে এতিয়া প্ৰকাশ কৰিছে যে তেওঁলোকৰ সংগীত অনুস্থান কিমান সপোনৰ আছিল।আথিয়া চেট্টী আৰু কে এল ৰাহুলে তেওঁলোকৰ সংগীত অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰে তেওঁলোকৰ নিজ নিজ সামাজিক মাধ্যমৰ একাউণ্টত।
আথিয়াই এখন ফটো শ্বেয়াৰ কৰিছে য’ত কে এল ৰাহুলক আথিয়াৰ গাল টানি থকা দেখা গৈছে। ই বহু বেছি আকৰ্ষণীয়। য’ত আথিয়াক চুলি বান্ধি বেইজ ৰঙৰ লেহেংগা চোলা পিন্ধা দেখা গৈছে।ইয়াৰ উপৰিও মাং টিকা আৰু কাণফুলি পিন্ধি থকা দেখা গৈছে।দম্পতীহালৰ পোষ্টৰ জৰিয়তে অনুৰাগীসকলে অনুষ্ঠানবোৰ কেনেকুৱা হৈছে তাৰে এক আভাস পাইছে। সুনীল শ্বেট্টীয়ে পেপছৰ সৈতে মত বিনিময় কৰা সময়ত ইংগিত দিয়ে যে আথিয়া আৰু কে এল ৰাহুলৰ মুম্বাইত অভ্য়ৰ্থনা অনুষ্ঠানৰ অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিছে ।কিন্তু এয়া আই পি এল ৰ পিছতহে সম্ভৱনা আছে।