Local, Vocal, Global

আজি বিশ্ব অনাতাঁৰ দিৱস

নিউজ ডেস্ক, ১৩ ফ্ৰেব্ৰুৱাৰীঃ তথ্য আৰু মনোৰঞ্জনেৰে সমৃদ্ধ ৰেডিঅ’ হৈছে পুৰণি মাধ্যম। মানৱ সভ্যতাৰ বিকাশত ৰেডিঅ’ৰ অৱদান অস্বীকাৰ কৰিব নোৱাৰি। তথ্য-প্ৰযুক্তি আৰু স্মাৰ্ট ফোনৰ মাজতো আজিও ৰেডিঅ’ই হেৰুওৱা নাই মাদকতা।
               লেটিন ভাষাৰ শব্দ ৰেডিয়াছৰ পৰাই ৰেডিঅ’ শব্দৰ উৎপত্তি হৈছে বুলি জানিব পৰা গৈছে।ইয়াৰ অৰ্থ হ’ল চকা বা ৰশ্মি।১৮৮১ চনত ফৰাচী বিজ্ঞানী আৰ্নেষ্ট মাৰ্কেনডিয়েৰ আৰু আলেকজেণ্ডাৰ গ্ৰাহামবেলে যোগাযোগৰ কাৰণে ৰেডিঅ’ ব্যৱহাৰ কৰিছিল। প্ৰায় ১১১ বছৰ পুৰণি ৰেডিঅ’ৰ ইতিহাস।ৰাষ্ট্ৰসংঘৰ মতে,ৰেডিঅ’ক মানৱতাৰ ইতিহাসৰ অংশ হিচাপে উদযাপন কৰে বিশ্ববাসীয়ে।
              আজি ১৩ ফ্ৰেব্ৰুৱাৰী অৰ্থাৎ বিশ্ব ৰেডিঅ’ দিৱস। ২০১২ চনৰ বিশ্বজুৰি পালন কৰি অহা হৈছে এই দিৱস। সমগ্ৰ বিশ্বতে বিভিন্ন বাৰ্তাৰ আদান-প্ৰদান অথবা মানুহক শিক্ষিত কৰাৰ ক্ষেত্ৰত ৰেডিঅ’ৰ ভূমিকা অপৰিসীম।