পুলৱামাত শ্বহীদ হোৱা ভাৰতীয় সেনালৈ দেশজুৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন
নিউজ ডেস্ক,১৪ ফ্ৰেব্ৰুৱাৰীঃ ২০১৯ চনৰ আজিৰ দিনটোতেই সংঘটিত হোৱা পুলবামাৰ ঘটনাই এতিয়াও দেশবাসীক দুখিত কৰি তোলে। আজিৰ দিনটোতেই কাশ্মীৰৰ পুলবামাত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ। চি আৰ পি এফৰ বিশাল কনভয়ত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত শ্বহীদ হৈছিল ৪০ জনকৈ বীৰ জোৱান আৰু আহত হৈছিল প্ৰায় ৩৫ জন।
পাকিস্তানক সমৰ্থিত কৰা সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰিছিল। এই দিনটোতে দেশবাসীয়ে বীৰ শ্বহীদসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।