আজিৰে পৰা মহানগৰীৰ চান্দমাৰীৰ খেলপথাৰত ১২ দিনীয়া অসম গ্ৰন্থমেলা আয়োজক
গুৱাহাটী: গুৱাহাটীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা অসম গ্ৰন্থমেলা আৰম্ভ হৈছে। বুধবাৰে বিয়লিভাগত অসম গ্ৰন্থ মেলা আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ড° ৰণোজ পেগুয়ে। অসমৰ গ্ৰন্থপ্ৰেমীসকলৰ এক আশাৰ বতৰা লৈ বুধবাৰৰ পৰা ১২ দিনীয়াকৈ অসম গ্ৰন্থ মেলা আয়োজন কৰা হৈছে । অসম গ্ৰন্থমেলাৰ বাকৰিত এইবাৰ নতুনকৈ প্ৰকাশিত বিভিন্ন লেখক লেখিকাৰ নতুনকৈ ৪০খন গ্ৰন্থ উন্মোচন কৰা হ’ব।
এইবেলি অসম গ্ৰন্থমেলাৰ বাকৰিত ১৫০খন গ্ৰন্থৰ বিপনীয়ে অংশগ্ৰহণ কৰিছে।।অসম প্ৰকাশন পৰিষদৰ নতুনকৈ ১৬ খন গ্ৰন্থ আৰু ২৪খন গ্ৰন্থ পুনৰ মুদ্ৰণ কৰা হৈছে। আজিৰ উদ্ধোধনী কাৰ্যসূচীত বিশিষ্ট লেখক লেখিকাৰ ৮ খনকৈ নতুন গ্ৰন্থ উন্মোচন কৰা হয় । অসম গ্ৰন্থমেলাত উদ্ধোধনী অনুস্থানত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া; শিক্ষাবিভাগৰ উপদেষ্টা ননীগোপাল মহন্ত; শিক্ষা বিভাগৰ আয়ুক্ত প্ৰিতম শইকীয়া; সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ ইমৰাণ আহমেদ উপস্থিত থাকে।