Local, Vocal, Global

অৱৈধ সুৰাৰ বিৰুদ্ধে বৃহৎ অভিযান B-119 অৰ্ধসামৰিক বাহিনী লগতে যোৰহাট আৰক্ষীৰ

নিউজ ডেস্ক : যোৰহাটত আৰক্ষীয়ে জব্দ কৰিছে অৱৈধ সুৰাৰ লগতে মাৰাত্মক লালি গুৰ। ঘটনা অনুসৰি যোৰহাটৰ এক অতি ভিতৰুৱা অঞ্চল পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত চগুৰি গাঁওৰ মৃদুল পেগু নামৰ এজন যুৱকে লুকুৱাই ৰাখিছিল অৱৈধ সুৰা খিনি। প্ৰায় ১০০০ কেজি লালি গুৰ আৰু প্ৰায় ৫৫ লিটাৰ অৱৈধ সুৰা সহ আটক কৰিছে মৃদুল পেগু নামৰ যুৱকজনক।

এই সম্পৰ্কে ইতিমধ্যে এক গোচৰ ৰুজু কৰি যোৰহাট আবকাৰী বিভাগক এই অৱৈধ সুৰাৰ লগতে মাৰাত্মক লালি গুৰ খিনি গতাই দিয়া বুলি জানিব পৰা গৈছে।