Local, Vocal, Global

অৰুণাচল, মেঘালয়ৰ সৈতে সীমান্ত বিবাদ ২০২২ চনৰ শেষৰ ফালে শেষ হ’ব: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

 নিউজ ডেস্ক, ৪ জানুৱাৰী: অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ সৈতে অসমৰ সীমান্ত বিবাদ ২০২২ চনৰ শেষৰ ফালে সমাধান হোৱাৰ সম্ভাৱনা আছে। মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে।

মুখ্যমন্ত্রীগৰাকীয়ে তৈল নগৰী দুলিয়াজানত অনুষ্ঠিত হোৱা অসম এছ পি সন্মিলনৰ দ্বিতীয় দিনাখন সংবাদ মাধ্যমৰ আগত কয় যে “মই নিশ্চিত যে মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ সৈতে অসমৰ সীমান্ত সমস্যা ২০২২ চনৰ শেষৰ ফালে শেষ হ’ব। “

লগতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে মিজোৰাম আৰু নাগালেণ্ড ৰাজ্যৰ সৈতে অসমৰ সীমান্ত সমস্যাত কিছু সময় লাগিব কিয়নো ই এক জটিল বিষয়।