Local, Vocal, Global

অসম সৌৰভ বটাৰে সন্মানিত চিত্ৰশিল্পী নীল পৱন বৰুৱা

আজি বিয়লি চাৰি বজাত অসম সৌৰভ বটাৰে সন্মানিত চিত্ৰশিল্পী নীল পৱন বৰুৱা ছাৰক সাংস্কৃতিক মহাসভা অসম আৰু অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। গাম্ভীৰ্য্যপূৰ্ণভাৱে অনুষ্ঠিত হোৱা সভাখনত সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা, সম্পাদক প্ৰধান প্ৰদীপ কুমাৰ বৰা, ড০ সূৰ্য্য হাজৰিকা, থানেশ্বৰ মালাকাৰ, সতীশ চন্দ্ৰ শৰ্ম্মা, দীলিপ শৰ্মা,আজিমুদিন আহমেদ, জীৱনজোতি শৰ্ম্মা, গৌৰী তালুকদাৰ প্ৰমুখ্যে বহুখিনি সদস্য উপস্হিত থাকে। শেষত গীত, মাত, কবিতাৰে জীপাল হৈ পৰা অনুষ্ঠানটো যথেষ্ঠ আনন্দমুখৰ হৈ পৰে।