অসম বিধান সভাত কৃষকসকলক বাবে, কি প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক অজয় কুমাৰ ৰায়
অসম এখন কৃষি প্ৰধান ৰাজ্য। ৭০শতাংশ মানুহে কৃষিৰ ওপৰত জীৱিকা নিৰ্ভৰশীল। তেনে পৰিপেক্ষিতত, বৈজ্ঞানিকভাবে কৃষি কাৰ্য্যৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা আৰু জৈৱিক কৃষি ব্যৱস্থাত অভাব অনাটন দেখা গৈছে। যদি এনেকুৱা হৈ থাকে অসমৰ কৃষকসকলৰ ভবিষ্যৎ কি হ’ব?
অসম বিধান সভাৰ আজিৰ এই তৃতীয়টো দিনত বিধায়ক ৰায় কৃষি কাৰ্যৰ ওপৰত ভিত্তি কৰি কেইটামান প্ৰশ্ন উত্থাপন কৰে। আৰু প্ৰশ্নোত্তৰ সমূহ কৃষি মন্ত্ৰী অতুল বৰা দেৱে সুন্দৰভাবে উত্থাপন কৰে। কি আছিল এই প্ৰশ্নোত্তৰ সমূহ।
প্ৰথম প্ৰশ্ন- কৃষি কৰ্যত ব্যৱহাৰত ইউৰিয়া, ডি.এ.পি. আদি ৰাসায়নিক সাৰৰ নাটনি দেখা পোৱাগৈছিল। নাটনি পূৰন কৰিবলৈ চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নাকি?
উত্তৰ: আন্তৰাষ্ট্ৰীয় বজাৰত ডি.এ.পি. সাৰ বনোৱা কেঁচা সামগ্ৰীৰ বৰ্ধিত মুল্যৰ বাবে বজাৰত ডি,এ,পি, সাৰৰ কিছু নাটনি দেখা পোৱা গৈছিল। এই নাটনি পুৰণ কৰিবলৈ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত মন্ত্ৰী পৰ্যায়ত আৰু বিষয়া পৰ্যায়ত সততে যোগাযোগ চলাই নাটনি পূৰণ কৰা সকলো ব্যৱস্থ কৰি আছে।
দ্বিতীয় প্ৰশ্ন: কৃষি কাৰ্যত অবৈজ্ঞানিকভাবে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰত জনস্বাস্থ্যত ইয়াৰ বিৰূপ প্ৰভাব পৰিছে। কৃষকসকলক উপযুক্ত সাৰ আৰু কীটনাশক ব্যৱহাৰ সম্পৰ্কে শিক্ষা প্ৰদানৰ কিবা ব্যৱস্থ গ্ৰহণ কৰিছে নাকি?
উত্তৰ: ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্যত ৰাসায়নিক সাৰৰ ব্যৱহাৰ বৰ কম। ২০১৮-১৯ বৰ্ষৰ ভাৰতীয় বেংকৰ এক সমীক্ষা অনুসৰি সৰ্বভাৰতীয় সাৰ প্ৰতি হেক্টৰত ১৩৩.১ কেজি ব্যৱহাৰৰ বিপৰীতে অসমত এই সাৰ আছিল ৭৩.৭ কেজি প্ৰতি হেক্টৰত। গতিকে অসমত অধিক ৰাসায়নিক সাৰ ব্যৱহাৰৰ বাবে জন স্বাস্থ্য ভাবুকিৰ ত্য নাই। ইয়াৰ উপৰিও অসমৰ কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ সমল ব্যক্তিসকলে ইয়াৰ ব্যৱহাৰ সম্পৰ্কে নিৰ্দেশনা দিয়ে।
তৃতীয়টো প্ৰশ্ন: জৈৱিক কৃষি ব্যৱস্থা অসমত প্ৰয়োগৰ ক্ষেত্ৰত কিবা কিবা ব্যৱস্থ গ্ৰহণ কৰা হৈছে নাকি?
উত্তৰ: হয়, জৈৱিক কৃষি অসমত প্ৰয়োগ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰম্পৰাগত কৃষি বিকাশ যোজনা কেন্দ্ৰীয় সাহাৰ্য্য প্ৰাপ্ত ৩ বছৰীয়া জৈৱিক কৃষি আঁচনি। ২০১৬-১৭ বৰ্ষৰ পৰা আৰম্ভ এই আচঁনিয়ে অসমৰ মুঠ ১০ খন জিলাত ২২ টা মহকুমা সামৰি লৈছে।
মুঠ গঠন হোৱা গোটৰ সংখ্যা =২২০.
মুঠ মাটিকালি = ১০৯৩৫ একৰ
জৈৱিক কৃষিকৰ মুঠ সংখ্যা=৭৪২৫
PGS চাৰ্টিফিকেট বিতৰণৰ সংখ্যা=৭৪২৫
২৫ টা গোট গঠেনৰে ৫০০ হেক্টৰ কৃষিভূমিত ধাৰণশীল কৃষিৰ দ্বাৰা বিভিন্ন জৈৱিক শস্য উৎপাদনৰ লক্ষৰে মাজুলী জিলাখন জৈৱিক সাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে কাম হাতত লোৱা হৈছে। আৰু প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ যাৱতীয় কাম কাজ বোৰ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা চলাই থকা হৈছে।