অসমত কিমান ভয়াৱহ ক’ভিড?

নিউজ ডেস্ক: ক’ভিড-১৯ বা ক’ৰণা ভাইৰাছে সমগ্র বিশ্বৰ জনগনক বিবুধিত পেলাইছে। গোটেই পৃথিৱীত এতিয়ালৈকে ৫ কৌটিৰো অধিক লোকে এই মহামাৰী ক’ভিডত প্ৰাণ হেৰুৱাইছে। ভাৰতত ৪ লাখৰো অধিক লোকৰ মৃত্যু হৈছে এই মাৰাত্মক ভাইৰাছত। আজি অসম বিধানসভা অধিৱেশনত ক’ভিড সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মাননীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী শ্ৰী কেশৱ মহন্ত দেৱে কয় যে অসমত ১৬/১২/২০২১ তাৰিখলৈ মুঠ ২,৬২,২৩,৬৯০ সংখ্যক লোকক ক’ভিড টেষ্ট কৰা হৈছে। ১৬/১২/২০২১ তাৰিখলৈ মহামাৰী কৰোনাত আক্রান্ত হৈ থকা অৱস্থাত ৬,১৪১ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ১,৩৪৭ গৰাকী ক’ভিড পজিটিভ ৰোগীৰ অন্যান্য ৰোগত আক্রান্ত হৈও মৃত্যু হৈছে।
তেঁও লগতে কয় ১২/১২/২০২১ তাৰিখলৈ অসমত ক’ভিড ভেকচিনৰ প্ৰথম পালি ২,১৬,৫১,৭৭০ গৰাকীক আৰু ২য় পালি ১,৪৪,২৬,৮৬১ গৰাকীকে ধৰি সৰ্বমুঠ ৩,৬০,৭৮,৬৩১ গৰাকী লোকক প্ৰদান কৰা হৈছে। চৰকাৰী চিকিৎসালয় সমূহত ক’ভিড ভেকছিন সম্পূর্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে। কেন্দ্রীয় চৰকাৰে প্ৰথমাৱস্থাত স্বাস্থ্য কৰ্মী আৰু ফ্ৰন্টলাইন কৰ্মীসকলৰ বাবে ভেকছিন প্ৰদানৰ ব্যৱস্থা কৰিছিল। পৰৱৰ্তী সময়ত, ৰাজ্য চৰকাৰ সমুহক ভেকছিন ক্ৰয় কৰিবলৈ নিৰ্দেশনা দিয়া হৈছিল আৰু অসম চৰকাৰে ৪৫ কৌটি টকাৰ ভেকছিন ক্ৰয় কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত, ভাৰত চৰকাৰে নিজাববীয়াকৈ ক’ভিড ভেকছিন প্ৰস্তুত কৰি উলিওৱাৰ বাবে অসম চৰকাৰে কোনো ভেকছিন ক্ৰয় কৰিবলগীয়া হোৱা নাছিল।
লগতে মন্ত্রীগৰাকীয়ে কয় যে অসম চৰকাৰৰ তৰফৰ পৰা আৰম্ভনিতে RAT আৰু RTPCR দুয়োটা পৰীক্ষাই বিনামূলীয়াকৈ কৰা হৈছিল। কিন্তু পিছলৈ ক’ভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত ২৪ ঘন্টাৰ ভিতৰতে ক’ভিড ৰিপোৰ্ট লাভ কৰিবলৈ ব্যক্তিগত চিকিৎসালয়তো মাচুল সহ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। উল্লেখ্য যে অসমত ব্যক্তিগত চিকিৎসালয়ত কভিচিল্ডৰ এটা ডজৰ মূল্য ৭৮০ টকা আৰু এটা কোভেক্সিনৰ মূল্য ১২৫০ টকা তথা Sputnik V ৰ এটা ডজৰ মূল্য ১০০০ টকা। বাদ পৰা লোকক ক’ভিড ভেকছিন দিয়াৰ বাবে “Har Ghar Dastak/Mega Vaccination” অভিযান আৰম্ভ কৰি ঘৰৰ কাষৰ নিচেই ওচৰত টীকাকৰণ কেন্দ্র স্থাপন কৰি টীকাকৰণৰ ব্যৱস্থা কৰা, মোবাইল টিম আৰু বিভিন্ন এন. জি. অ. ক অধিক সক্ৰিয় কৰি প্ৰতি ব্যক্তিৰ ঘৰলৈ গৈ ক’ভিড ভেকছিনৰ ব্যৱস্থা কৰা হৈছে যাতে কোনো ব্যক্তি ক’ভিড ভেকছিন গ্ৰহণ কৰাৰ পৰা বাদ পৰি নাযায়।
তাৰোপৰি ক’ভিড-১৯ মহামাৰীৰ সৈতে যুঁজিবলৈ স্বাস্থ্য সেৱা পেছাদাৰী, চিকিৎসাকৰ্মী আৰু ফ্ৰন্টলাইন কৰ্মীসকলক পৰ্যাপ্ত সুৰক্ষা নিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রীয়ে এক বীমা আঁচনি ঘোষণা কৰিছিল। এই বীমাৰ অধীনত ক’ভিড কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা আৰু ক’ভিড কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাত মৃত্যু হোৱা স্বাস্থ্য কৰ্মীসকলৰ পৰিয়ালে ৫০ লাখ টকাৰ বীমা লাভ কৰিব।
ইয়াৰ উপৰিও, ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়ক বিত্তীয় সাহায্য প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি আৰম্ভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। ক’ভিডত আক্রান্ত হৈ অকাল মৃত্যু হোৱা লোকৰ পৰিয়ালক আৰ্থিক সাহায্যৰ বাবে দিয়া আঁচনিসমূহ হৈছে- মুখ্যমন্ত্রীৰ সকাহ পুঁজিৰ অধীনত মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনি আৰু মুখ্যমন্ত্রীৰ ক’ভিড-১৯ বিধৱা সমৰ্থন আঁচনি। ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি ৰ অধীনত এককালীন ৫০,০০০ টকাৰ বিত্তীয় সাহায্য আঁচনি, অসম আৰোগ্য নিধি পুঁজি ৰ অধীনত প্ৰাৰ্থনা আঁচনি আৰু ভাৰত চৰকাৰৰ পুঁজিৰ অধীনত প্ৰধানমন্ত্ৰী গৰিৱ কল্যাণ পেকেজ।