অবৈধ আৰু অস্বাস্থ্যকৰ পানীৰ বটল ‘পেকেজিং’ ৰ বিৰুদ্ধে মহানগৰ প্ৰসাশনৰ টাস্ক ফৰ্চ গঠন
নিউজ ডেস্ক, ১৬ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীৰ লগতে দাঁতি-কাষৰীয়া অঞ্চলত অবৈধ আৰু অস্বাস্থ্যকৰ পানীৰ বটল ‘পেকেজিং’ ৰ কাৰখানা গঢ়ি উঠিছে। আৰু বৰ্তমান সময়ত ইয়াক লৈ অধিক সৰব হৈ পৰিছে কামৰূপ মহানগৰ জিলা উপায়ুক্ত। অবৈধ আৰু অস্বাস্থ্যকৰ পানীৰ বটল ‘পেকেজিং’ক লৈ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ এক গুৰুত্বপূৰ্ণ ঘোষণা।
উল্লেখযোগ্য যে ১৫ ফেব্ৰুৱাৰী, মংগলবাৰে পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ এখন সভাত এই কথা উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বহু কেইটা ভূৱা পানী পেকেজৰ তথ্য পোহৰলৈ আহিছিল। আনহাতে, বানৰ পূৰ্বেই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দুৰ্যোগ প্ৰশমন বিভাগক সষ্টম হৈ থকাৰ নিৰ্দেশ প্ৰদান কৰে উপায়ুক্তজনে। চৰকাৰৰ নীতি নিৰ্দেশনাক জলাঞ্জলি দি কাঠফুলাৰ দৰে গঢ়ি উঠিছে একাংশ পানীৰ বটল পেকেজিং ৰ কাৰখানা। ইয়াৰ লগতে অচিৰেই চক্ৰ বিষয়া, ফুড চেফটি বিষয়া, আৰক্ষীৰ দ্বাৰা গঠিত টাস্ক ফৰ্চে মহানগৰৰ বিভিন্ন প্ৰান্তত অবৈধ আৰু অবৈজ্ঞানিক পানীৰ পেকেজিংৰ বিৰুদ্ধে অভিযান আৰম্ভ হ’ব।