Local, Vocal, Global

অন্ধ্ৰপ্ৰদেশৰ অনকাপল্লী ফাৰ্ম কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড!নিহত ১ জন, আহত ৩ জন

অন্ধ্ৰপ্ৰদেশৰ অনকাপল্লী ফাৰ্ম কাৰখানাত ভয়ংকৰ বিস্ফোৰণ।নিহত ১ জন, আহত ৩ জন
মঙলবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ অনকাপল্লী জিলাৰ অচ্যুতাপুৰমৰ জি এফ এম এছ ফাৰ্মা কাৰখানাত এক ভয়ংকৰ
বিস্ফোৰণ সংঘটিত হয়।

তথ্য অনুসৰি বিস্ফোৰণত ফলত এজনৰ লোকৰ মৃত্যু হয় আৰু আঘাতপ্ৰাপ্ত হয় তিনিজন। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এজন আৰক্ষী বিষয়াই কয় – তিনিজন শ্ৰমিক সামান্য আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকক নিকটতম চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।ইলামানচিলি চক্ৰপৰিদৰ্শক গফুৰ শ্বেখৰ মতে, “এতিয়ালৈকে দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হৈছে। বিস্ফোৰণৰ কাৰণ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই।”