Local, Vocal, Global

অক্সিজেনৰ অভাৱত হাস্পতালত কোনো কৰ’না ৰোগীৰ মৃত্যু দণ্ডনীয় অপৰাধ

অক্সিজেনৰ অভাৱত হাস্পতালত কোনো কৰ’না ৰোগীৰ মৃত্যু দণ্ডনীয় অপৰাধৰ অন্তৰ্ভুক্ত বুলি জনালে এলাহাবাদ উচ্চ ন্যায়ালয়ে । এই ঘটনা গণহত্যাতকৈ কম নহয় বুলিও জনায় ন্যায়ালয়ে ।
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আৰু মেৰঠত সম্প্ৰতি অক্সিজেনৰ অভাৱত ক’ভিড ৰোগীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে । এই বিষয়ত গোচৰ দাখিল কৰা হয় এলাহাবাদ উচ্চ ন্যায়ালয়ত । সেই গোচৰৰ শুনানিতে তদন্তৰ নিৰ্দেশ দিছে ন্যায়াধীশ সিদ্ধাৰ্থ বৰ্মা আৰু অজিত কুমাৰৰ ডিভিছন বেঞ্চে ।
ন্যায়াধীশৰ পৰ্যৱেক্ষণত কোৱা হয়, ‘হাস্পতালত কেৱল অক্সিজেনৰ অভাৱতে কৰ’না ৰোগীৰ মৃত্যুৰ ঘটনাত আমি মৰ্মাহত হৈছো‌ । এই ধৰণৰ ঘটনা দণ্ডনীয় অপৰাধ আৰু কোনো কাৰণতে গণহত্যাতকৈ কম নহয় । প্ৰতিটো মুহূৰ্ততে ৰোগীসকলক অক্সিজেন সৰবৰাহ কৰাৰ দায়িত্বত থকা সকলেই এই গণহত্যাৰ বাবে দায়ী । বিজ্ঞানৰ ইমান উন্নতি হোৱাৰ পাছত, আমি কেনেকৈ মানুহক এনেদৰে মৰিব দিব পাৰো ?’
লক্ষ্ণৌ আৰু মেৰঠত অক্সিজেনৰ অভাৱত হোৱা মৃত্যুৰ তদন্ত কৰি ৪৮ ঘণ্টাৰ ভিতৰত দুই জিলাৰ জিলা প্ৰশাসকক ৰিপ’ৰ্ট জমা দিয়াৰ নিৰ্দেশ দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে ।