Local, Vocal, Global

ৰাষ্ট্ৰীয় টিভি চেনেলৰ শ্ব’ত জিলিকিল মৰিগাঁৱৰ সুকন‍্যা স্পৃহা

ছ’নি টিভিৰ জনপ্ৰিয় ৰিয়েলেটী শ্ব ছুপাৰ ডেন্সাৰ ৪ ত উজলিছে মৰিগাঁৱৰ কণমানি নৃত্যশিল্পী স্পৃহা ঋষি কাশ্যপ।
জনপ্ৰিয় ৰাষ্ট্ৰীয় টিভি চেনেল ছ’নিত সম্প্ৰচাৰ হোৱা ছুপাৰ ডেন্সাৰ নামৰ অনুষ্ঠানটিত স্পৃহাই এই পৰ্যন্ত অডিচনৰ সকলো কেইটা ৰাউণ্ডত চমৎকাৰ কলা-কৌশল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।স্পৃহাই ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ লগতে মৰিগাঁৱৰ নাম জিলিকাবলৈ সক্ষম হৈছে।মৰিগাঁৱৰ গছৰগুৰিত জন্মগ্ৰহণ কৰা স্পৃহা চহৰ খনৰ এগৰাকী যুৱ ব্যৱসায়ী জিতু বৰা আৰু লিপিকা বৰাৰ একমাত্ৰ সন্তান। মৰিগাঁৱৰ এক সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰা স্পৃহাৰ এই সফলতাই মৰিগাঁৱৰ লগতে সমগ্ৰ অসমবাসীক মুগ্ধ কৰি তুলিছে।