ৰাষ্ট্ৰীয় পদক আজুৰি আনিবলৈ সক্ষম হৈছে নাজিৰাৰ দৰিদ্ৰ কৃষকৰ সন্তান পল্লৱ গগৈ
নিউজ ডেস্ক, ১৭ ফ্ৰেব্ৰুৱাৰীঃ দৌৰি জগত জিনাৰ সপোন দেখিছে নাজিৰাৰ এজন দৰিদ্ৰ কৃষকৰ সন্তান পল্লৱে। দ-পথাৰত খেতি কৰা পল্লৱে নিজ দেশক প্ৰতিনিধিত্ব কৰাৰ মন মেলিছে। নাজিৰাৰ বালিঘাট- বৰদুৱাৰমুখৰ এইজন সন্তান এতিয়া জিলিকি উঠিছে ৰাষ্ট্ৰীয় পৰ্যায়ত। নকুল গগৈ আৰু বিষ্মিতা গগৈৰ একমাত্ৰ সন্তান পল্লৱ গগৈয়ে কেইবাটাও ৰাষ্ট্ৰীয় পদক আজুৰি আনি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
শেহতীয়াকৈ অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া আৰু ইণ্ডিয়ান স্পিড ষ্টাৰত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি সকলোৰে নয়ণৰ মণি হৈ পৰিছে পল্লৱ গগৈ। গড়গাঁও মহাবিদ্যালয়ৰ খেলপথাৰত আদিপাঠ গ্ৰহণ কৰে প্ৰশিক্ষক প্ৰাঞ্জল বৰুৱাৰ সহায়ত। আগন্তুক প্ৰতিযোগিতাৰ বাবে বৰ্তমান কঠোৰ প্ৰশিক্ষণত ব্যস্ত পল্লৱ গগৈ। আৰ্থিকভাৱে পিছপৰা অতি দৰিদ্ৰ পৰিয়ালৰ পল্লৱ গগৈৰ পিতৃ-মাতৃয়ে সংবাদ মাধ্যমৰ আগত কয় যে-গৰু-ছাগলী, ভঁৰালৰ ধান বিক্ৰী কৰি প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰে দৰিদ্ৰ পল্লৱ গগৈয়ে।