ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে পৌৰসভা নিৰ্বাচনৰ ৰণশিঙা বজালে ৰাজ্যিক বিজেপিয়ে
গুৱাহাটী, ১২ ফেব্ৰুৱাৰী,২০২২: অহা ৬ মাৰ্চত হব লগা পৌৰসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে দলীয় কুচকাৱাজ আৰম্ভ কৰিছে। গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ চেণ্টাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি এখন পৌৰ সভা নিৰ্বাচনৰ প্ৰস্তুতি সভা অনুষ্ঠিত হৈ যায়। কাৰ্যকৰ্তা সকলক উদ্দেশ্যি সভাত আদৰণি ভাষণ প্ৰদান কৰি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এই নিৰ্বাচনত দলৰ জয় সু-নিশ্চিত কৰাৰ বাবে সু পৰিকল্পিত ভাৱে আগবাঢ়ি যোৱাৰ বাবে সকলোকে আহ্বান জনায়। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ পৌৰসভা এলেকা সমূহৰ উন্নয়নৰ গতি তৰান্বিত হৈছে আৰু এই গতি ধাৰা অব্যাহত ৰখাৰ বাবে আমি সকলোৱে প্ৰয়াস কৰিব লাগিব।
সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ইতিবাচক পৰিবৰ্তনৰ চিন্তাধাৰাৰে কাম কৰি অহা ৰাজ্য চৰকাৰে এইবাৰৰ নিৰ্বাচনত বিভিন্ন সংস্কাৰৰ চিন্তাচৰ্চা কৰিছে। তেওঁ এখন দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ বাবে দলীয় স্বাৰ্থৰ উৰ্ধত গৈ দলে সমাজৰ প্ৰতি দায়বদ্ধ ব্যক্তি সকলক দলীয় টিকট প্ৰদান কৰাৰ পোষকতা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অনাগত পৌৰসভা নিৰ্বাচনত দলীয় চিহ্ন প্ৰয়োগ কৰা হবনে নাই এই সন্দৰ্ভতো চিন্তাচৰ্চা অব্যাহত আছে। স্থানীয় লোক সকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চায়তৰ এলেকা সমূহত সুৰাৰ ব্যৱসায়ৰ অনুজ্ঞা পত্ৰৰ বাহিৰে আন কোনো ক্ষেত্ৰতে কাইলৈৰ পৰা ট্ৰেড লাইচেন্সৰ প্ৰয়োজন নাই বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। সংহত উপায়ুক্ত কাৰ্যালয় নিৰ্মাণৰ বিষয়টো উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰদ্বাৰা বিভিন্ন ঠাইৰ দূৰণিবটিয়া অঞ্চলসমূহৰ উন্নয়ন হোৱাৰ লগতে খালী হোৱা স্থানসমূহত বিভিন্ন বিকাশমূলক কামকাজ কৰিব পৰা যাব। নগৰ অঞ্চলৰ দৰে গ্ৰামাঞ্চলটো যাতে সকলো ব্যৱস্থা উপলব্ধ হয় তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহন কৰিছে।
সভাত অসম চৰকাৰৰ জোষ্ঠ মন্ত্ৰী অশোক সিংহালে পৌৰসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে জাৰি কৰা নীতি নিৰ্দেশনাৰ লগতে প্ৰাথমিক কাৰ্যপন্থা সন্দৰ্ভত দলীয় কাৰ্যকৰ্তা সকলক চমু আভাস দিয়ে। ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে দলৰ সাংগঠনিক কামকাজৰ বিভিন্ন দিশ সন্দৰ্ভত কাৰ্যকৰ্তা সকলৰ মাৰ্গ দৰ্শন কৰে। আজিৰ এই প্ৰস্তুতি সভাত বিভিন্ন মৰ্চাসমূহৰ সংযুক্ত সভাৰ লগতে কোষৰ কাৰ্যকৰ্তা সকলৰো বিশেষ সভা অনুষ্ঠিত হৈ যায়। সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে আঁত ধৰা আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসম প্ৰদেশৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহ-প্ৰভাৰী পৱন কুমাৰ শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, ৰাজ্য চৰকাৰৰ জোষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় পুলক গোহাঁই, দ্বীপলু ৰঞ্জন শৰ্মাৰ লগতে দলৰ সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, জিলা সভাপতি, জিলা প্ৰভাৰী-সহ প্ৰভাৰী, মণ্ডল সভাপতিৰ লগতে পৌৰ সভাৰ দায়িত্ব প্ৰাপ্ত সকল উপস্থিত আছিল।