ৰাজ্যৰ প্রান্তে প্রান্তে “মন কী বাত” অনুষ্ঠান
গুৱাহাটী, ৩০ জানুৱাৰী: সমগ্ৰ দেশৰ লগতে অসমতো আজি মাননীয় প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান “মন কী বাত” অনুষ্ঠান শ্ৰৱণ কাৰ্যসূচীৰ আয়োজন হৈ যায়। আজি অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক ক্ষেত্ৰৰ বিভিন্ন গঠনমূলক কথা জনসাধাৰণৰ উদ্দেশ্যি ব্যক্ত কৰে। ২০২২ বৰ্ষৰ প্ৰথমটো “মন কী বাত” অনুষ্ঠানত ৰাজ্যখনৰ কেইবাটাও বিষয়ে স্থান লাভ কৰে। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ ঐতিহ্য তথা পৰিচয় বিশ্বপ্ৰসিদ্ধ এশিঙীয়া গড়ৰ সংৰক্ষণৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে উচ্চ প্ৰশংসা কৰে ৷ ভাষণ প্ৰসংগত নৰেন্দ্ৰ মোদীয়ে, ২০১৩ চনত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৩৭ টা আৰু ২০১৪ চনত ৩২ টা গঁড় হত্যাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিৰ নেতত্বাধীন চৰকাৰৰ দিনত ২০২০ চনত ২ টা আৰু ২০২১ চনত ১ টা গঁড় নিধন হোৱাৰ কথা উল্লেখ কৰে ৷ লগতে গুৱাহাটীৰ নিবাসী সপ্তম শ্ৰেণীৰ কণমানি ৰিধিমা স্বৰ্গিয়াৰীৰ উন্নত ভাৰতৰ প্ৰত্যাশাৰ পত্ৰক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰশংসা কৰে ৷
“মন কী বাত” অনুষ্ঠান উপলক্ষে আজি ৰাজ্যিক বিজেপিৰ মন্ত্ৰী, সাংসদ, বিধায়ক, বিষয়ববীয়াসকল, জিলা, মণ্ডল আৰু বুথৰ কাৰ্যকৰ্তা সকল ভিন ভিন বুথত উপস্থিত থাকে। ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি ভৱেশ কলিতা মৰিগাঁও বিধানসভা সমষ্টিৰ নগৰ মণ্ডলৰ অন্তৰ্গত ৪৪ নং বুথৰ উপস্থিত থাকি দলৰ কাৰ্যকৰ্তা সকলৰ সৈতে “মন কী বাত” অনুষ্ঠান শ্ৰৱণ কৰে। ভাষণ প্ৰসংগত শ্ৰী কলিতাই প্ৰধানমন্ত্ৰীৰ বহুমূলীয়া বক্তব্য শুনি প্ৰতিজন শ্ৰোতাই আপ্লূত বুলি মত প্ৰকাশ কৰিছে। লগতে শ্ৰী কলিতাই দলৰ প্ৰতিজন কাৰ্যকৰ্তাক প্ৰতি মাহৰ শেষৰটো ৰবিবাৰে সম্প্ৰচাৰ হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ শ্ৰৱণ কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই “মন কী বাত” অনুষ্ঠান উপলক্ষে দিল্লী প্ৰদেশৰ কেশৱ পুৰম জিলাৰ অন্তৰ্গত স্বৰস্বতী বিহাৰ মণ্ডলৰ ৮৬ নং বুথত উপস্থিত থাকে। উল্লেখযোগ্য যে অসম চৰকাৰৰ জোষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি সৰভোগ সমষ্টিৰ ১৬০ নং বুথত কাৰ্যকৰ্তা সকলৰ উপস্থিতিত অনুষ্ঠানিভাবে বুথৰ সভাপতি হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে দেশৰ নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান “মন কী বাত” শ্ৰৱণ কৰে ৷