Local, Vocal, Global

ৰাজ্যৰ চুপাৰী চিণ্ডিকেট সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া অজাপৰ

গুৱাহাটী,১২ ফ্ৰেব্ৰুৱাৰীঃজগদ্বীশ ভূঞাই শনিবাৰে সংবাদমেলত কয় যে, “চোৰাং ব্যৱসায় বন্ধৰ বাবে পুলিচৰ এনকাউন্টাৰ থিকেই বুলি ভাবিছিলো। আশাৰ ৰেঙনী দেখিছিলো।কিন্তু মুখ্যমন্ত্ৰী নিজে চুপাৰী ব্যৱসায়ৰ নৈশ ভোজত মিলিত হৈছিল। এই নৈশ ভোজত মিলিত আছিল মিজোৰামৰ মুখ্যমন্ত্ৰী ।মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰেচ ৰিলিজৰ জৰিয়তে জনাইছে যে, সেইজন তেঁওলোকৰ অতিথি নাছিল। মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত সীমা বিবাদ নে চুপাৰী ব্যৱসায়ৰ সম্পৰ্কে আছিল? মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰক এই কথা।”
ইফালে, “নৰ্থ ইষ্টলৈ অসমৰ পৰা যোৱা সামগ্ৰীক চৰকাৰে একো ক’বলগীয়া নাই বুলি কৈছিল। কিন্তু তাত কৰিবলগীয়া দুটা কাম আছে। যোৱা সামগ্ৰী বৈধ হয় নে নহয় আৰু ওজনৰ পৰিমাণ পৰীক্ষা কৰিব লাগিব।সীমাৰে যোৱা কয়লা বাহনৰ পৰা বৃহৎ পৰিমাণৰ ধন দিশপুৰলৈ আহে। এই সৰ্ম্পকে আমি ৰাজ্যপালক অৱগত কৰিছো।”
আনহাতে জীয়াৰু ৰহমানে সংবাদমেলত কাৰ্বি আংলঙত কয়লা খনি দুটাৰ সঠিক ব্যৱহাৰৰ দাবী জনায়। কয়লাজান আৰু গৰমপানী খনি দুটাৰ ই টেণ্ডাৰিংত অসম চৰকাৰ এ এম দি চিকো লগায় দিছে।ই টেণ্ডাৰিংত ব্যাপক খেলিমেলিৰ অভিযোগ। কৰ্ণাটক ৰেড্ডী বাৰ্ডাছে কৰা দেশৰ বিখ্যাত কয়লা চিণ্ডিকেটৰ দৰে অসমতো তেনে চিণ্ডিকেটৰ ব্যৱস্থা কৰিছে।
ইফালে, অসমৰ পৰা যোৱা ১২ খন ৰে’লৰ বাতিলৰ সৰ্ম্পকত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অজাপৰ দাবী এই ৰে’ল সমূহক পুনৰ চলাচলৰ ব্যৱস্থা কৰক।
উল্লেখ্য যে, মাজুলীৰ উপনিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থী নিক্ষেপত সহমত হৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ লগত। অখিলে ইতিমধ্যে প্ৰাৰ্থী আগনবঢ়াই বুলি জনাই। আৰু প্ৰাৰ্থী ঘোষণাৰ পিছতেই ৰাইজৰ দলৰ সৈতে যোগাযোগ কৰা হ’ব। এই সিদ্ধান্ত পূৰ্বৰ উপ নিৰ্বাচনৰ সময়তে লোৱা সিদ্ধান্ত।
ইপিনে, পৌৰ নিৰ্বাচনৰ বাবেও চলি আছে প্ৰস্তুতি।‌ শীঘ্ৰে দলৰ মজিয়াত আলোচনা কৰি ঘোষণা কৰা হ’ব মাজুলীৰ প্ৰাৰ্থীৰ নাম।