Local, Vocal, Global

ৰাজভৱনত অত্যাধুনিক চিকিৎসালয় মুকলি ৰাজ্যপাল জগদীশ মুখীৰ-২৪ ঘণ্টাই লাভ কৰিব চিকিৎসক, নাৰ্চ

নিউজ ডেস্ক,১৬ ফ্ৰেব্ৰুৱাৰীঃ ৰাজভৱনত মুকলি হ’ল অত্যাধুনিক সা-সুবিধাযুক্ত চিকিৎসালয়। এই চিকিৎসালয়খন মুকলি কৰে ৰাজ্যপাল জগদীশ মুখীয়ে। মুকলি অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত মন্তব্য কৰে যে-“ৰাজভৱনৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ’ল। আজিৰে পৰা ২৪ ঘণ্টাই খোলা থাকিব এই চিকিৎসালয়”।
             তদুপৰি ৰাজভৱনৰ স্থায়ী কৰ্মচাৰীসকলৰ বাবে ৰেজিষ্টাৰ থাকিব। লগতে কৰ্মচাৰীসকলে কাৰ্ড দেখুৱাই পাব চিকিৎসক। তাৰোপৰি চিকিৎসালয় খনত  ২৪ ঘণ্টাই থাকিব চিকিৎসক, নাৰ্চ। লগতে ঔষধৰ ব্যৱস্থাও থাকিব চিকিৎসালয়খনত।