Local, Vocal, Global

ৰঙিয়াত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকাৰীৰ চূড়ান্ত মইমতালী

ৰঙিয়া,১এপ্ৰিল : ৰঙিয়াত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকাৰীৰ চূড়ান্ত মইমতালী। 16 mm ৰ এক লাইন ৰ’ডৰে ১৪ ফুট ওখ কালভাৰ্ট নিৰ্মাণ নিৰ্মাণকাৰী সংস্থাৰ ।

ৰঙিয়াত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকাৰীৰ চূড়ান্ত মইমতালী। ১৬ এম এমৰ এক লাইন ৰ’ডৰে ১৪ ফুট ওখ কালভাৰ্ট নিৰ্মাণ। নিৰ্মাণৰ পিচতে ভাঙি পৰাৰ সম্ভাৱনা। যাৰ ফলত পানীত আবদ্ধ হৈ থাকিব পাঁচখনকৈ গাঁৱৰ ৰাইজ। চাৰিলেন যুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকাৰীৰ চূড়ান্ত হেমাহিৰ বাবে নিৰ্মাণ কাৰ্য্যৰ দায়িত্বত থকা সংস্থাই নিজৰ মইমতালীৰে নিৰ্মাণ কাৰ্য্য চলায় যোৱাৰ অভিযোগ।

বাইহাটা চাৰিআলিত নিৰ্মীয়মান অৱস্থাত বৃহৎ আকাৰৰ পকীৰ বীম পৰি এজন লোকে মৃত্যুক সাৱটি লোৱাৰ পিচটো শিক্ষা লোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকাৰীয়ে। ৰঙিয়া আই অ চি গৰকাত সকলোকে আচৰিত কৰি নিৰ্মাণ কাৰ্য্যৰ দায়িত্বত থকা “ঢাৰিৱাল বিল্ডটেক” নামৰ সংস্থাটোৱে এক লাইন কৈ ১৬ এম এম ৰ’ড বহুৱাই নিৰ্মাণ কৰিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ কালভাৰ্ট। ১৪ ফুট ওষ ৫ ইঞ্চি বহলৰ ১৬ এম এমৰ ৰ’ডৰে ইতিমধ্যে নিৰ্মাণ কৰি থোৱা কংক্ৰিট বহুৱাই ৰঙিয়া গৰকাৰ পাৰ্কিংৰ সন্মুখত নিৰ্মাণ কৰিবলৈ লোৱা কালভাৰ্ট বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ।

নিয়ম মতে কালভাৰ্টৰ পকী বেৰ সমুহত দু-লাইনকৈ ৰ’ড দিব লাগিছিল যদিও নিৰ্মাণ কাৰ্য্যৰ দায়িত্বত থকা বিষয়া সকলে মাত্ৰ এক লাইনকৈ ৰ’ড দি কালভাৰ্ট নিৰ্মাণ কৰিবলৈ লৈছে। যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পাৰ্কিংত প্ৰৱেশ কৰা বৃহৎ বৃহৎ ট্ৰাক সমুহ চলাচল কৰিলেই কালভাৰ্টটো ভাঙি পৰাৰ সম্ভাৱনা দেখা দিছে। কালভাৰ্টটো যদিহে এনেদৰে ভাঙি পৰে তেতিয়া হলে ৰঙিয়া গৰকা অঞ্চলৰ লগতে অঞ্চলটোৰ পাচখনকৈ গাঁৱৰ ৰাইজ সমাগত বাৰিষাত পানীত দুৱ গৈ থাকিব লাগিব।