৫০ টকাৰ বিনিময়ত ১৮ লাখ টকীয়া ইনোভা পালে মাছমৰীয়াই

বৰপেটাৰোডৰ ৯৪ সংখ্যক ৰাস মহোৎসৱৰ ৰাস মন্দিৰ উন্নয়নৰ বাবে আয়োজিত উপহাৰ কুপন খেল যোৱা কালি নিশা অনুষ্ঠিত হৈ যায়। উপহাৰ কুপন খেলৰ প্ৰথম উপহাৰ টৱোটা ইনোভা লাভ কৰে বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ কালপানীৰ গোলাগাঁৱৰ ৰবিৰাম বসুমতাৰীয়ে। মাছ মাৰি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা ৰবিৰাম বসুমতাৰীৰ অৱশেষত কপাল ফুলিল মাত্ৰ ৫০ টকাত।
৫০ টকাৰ বিনিময়ত উপহাৰ কুপন খেলৰ প্ৰথমন পুৰস্কাৰ লাভ কৰিলে প্ৰায় ১৮ লক্ষাধিক টকাৰ টৱোটা ইনোভা বাহনখন। প্ৰথম পুৰস্কাৰ লাভ কৰি আনন্দত আত্মহাৰা ৰবিৰাম বসুমতাৰী। বৰপেটাৰোড ৰাস মহোৎসৱ সমিতিয়ে আয়োজন কৰা ৰাসমন্দিৰ উন্নয়নকল্পে আয়োজিত উপহাৰ কুপনৰ প্ৰথম পুৰস্কাৰ হিচাপে প্ৰায় ১৮ লাখ টকা মূল্যৰ ইনোভাৰ লগতে কেইবাখনো বিলাসী বাহন উপহাৰ ৰাখিছিল।