Local, Vocal, Global

মুছলমানৰ ভাও ধৰি আফতাবক সমৰ্থন হিন্দু যুৱকৰ! তাৰ পিছত কি হ’ল?

নতুন দিল্লীঃ এতিয়াও অন্ত পৰা নাই শ্ৰদ্ধা হত্যাকাণ্ডৰ ৰহস্য। দেশৰ ভিন্ন প্ৰান্তত উক্ত হত্যাকাণ্ডক লৈ সংঘটিত হৈ আহিছে একাধিক সৰু-বৰ ঘটনা। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে দুষ্ট চক্ৰই ঘটনাটোক সাম্প্ৰদায়িক ৰূপ দিবলৈকো অব্যাহত ৰাখিছে চেষ্টা। প্ৰাপ্ত খবৰ অনুযায়ী উত্তৰ প্ৰদেশৰ বুলণ্ডচহৰত এজন যুৱকে সমগ্ৰ ঘটনাটোক অন্যফালে ঢাল খুৱাবলৈ চেষ্টা চলাইছিল।

এই হিন্দু যুৱকজনে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ লক্ষ্যৰে নিজকে মুছলমান বুলি পৰিচয় দিয়াৰ তথ্যও পোহৰলৈ আহিছে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী বিকাশ কুমাৰ নামৰ যুৱকজনে শ্ৰদ্ধা হত্যাকাণ্ডৰ আঁৰ লৈ হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ সৃষ্টি কৰিবলৈ মুছলমান নাম লৈ অপপ্ৰচাৰ চলাইছিল৷ ৰছিদ খান নামেৰে এই কাণ্ড কৰিছিল উত্তৰ-প্ৰদেশৰ বুলন্দচহৰৰ বিকাশে৷ ঘটনাটো পোহৰলৈ অহাৰ পিছতে উত্তৰ-প্ৰদেশৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকাশ কুমাৰক৷

স্থানীয় আৰক্ষীয়ে জনোৱা মতে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সন্দৰ্ভত দিল্লীত সংবাদ মাধ্যমৰ সমুখত মন্তব্য দিয়াৰ সময়ত বুলণ্ডচহৰৰ ছিকুন্দৰাবাদৰ বাসিন্দা বিকাশ কুমাৰে ৰছিদ খানৰ ভাও ধৰি আফতাবক সম্পূৰ্ণৰূপে সমৰ্থন আগবঢ়ায়। ৰছিদৰূপী বিকাশে আফতাবৰ জঘন্য অপৰাধক ন্যায্যতা প্ৰদান কৰি কয় যে এনেবোৰ কথা খঙত ঘটে আৰু শ্ৰদ্ধাক কেৱল ৩৫ টুকুৰা নহয়, ৩৬টা টুকুৰা কৰিব পাৰিলেহেঁতেন। এই মন্তব্যৰ পিছতেই আৰক্ষীয়ে বিকাশক সোধে যে বিকাশেও একে কাম কৰিব নেকি? সেই মুহূৰ্তত বিকাশে কয় যে মানুহে এনে কাম খঙতে কৰে আৰু এয়া কোনো ডাঙৰ কথা নহয়।

এই মন্তব্যৰ পিছতেই আৰক্ষীয়ে বিকাশক গ্ৰেপ্তাৰ কৰে। আৰক্ষী অধীক্ষক শ্লোক কুমাৰে জনোৱামতে বিকাশে পূৰ্বেও একাধিক অপৰাধজনিত কামৰ সৈতে জড়িত আছিল। বিকাশৰ বিৰুদ্ধে বুলণ্ডচহৰ আৰু নয়ডাত চুৰি কাৰ্যৰ লগতে অবৈধ অস্ত্ৰ ৰখাৰ গোচৰো পঞ্জীয়ন হৈ আছে। একাধিক অপৰাধজনিত কাম-কাজৰ সৈতে জড়িত হিন্দু বিকাশে কি উদ্দেশ্য আগত ৰাখি এনেদৰে মুছলমানৰ ভাও ধৰি আফতাবক মিডিয়াৰ সমুখত মুকলিকৈ সমৰ্থন কৰিছিল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।