Local, Vocal, Global

৪০০ টকা চুৰিৰ অভিযোগত ছাত্ৰৰ পিঠিৰ কেঁচা চামৰা এৰালে শিক্ষকে

ছাত্ৰ জনেহেনো টকা চুৰি কৰিছিল। এই অভিযোগ আনি শিক্ষকে মাৰপিট কৰে ছাত্ৰক। শিক্ষাকৰ মাৰত পিঠিৰ ছাল ফাটি যায়। আৰক্ষীয়ে শিক্ষকক বিষয়টো ‘নিষ্পত্তি’ কৰিবলৈ কৈছিল। আৰক্ষীৰ এনে পদক্ষেপত ছাত্ৰৰ পৰিয়ালে ব্যক্তিগত আৱাসিক মাদ্ৰাছাৰ শিক্ষকৰ বিৰুদ্ধে আদালতলৈ যায়। ঘটনা পশ্চিমবংগৰ মালদা জিলাৰ কালিয়াচক আৰক্ষী থানাৰ গোলাপগঞ্জ চৌকি অঞ্চলত সংঘটিত হৈছে।

ছাত্ৰৰ ঘৰ পশ্চিমবংগৰ বৈষ্ণৱনগৰ আৰক্ষী থানাৰ গোপালপুৰ অঞ্চলত। কালিয়াচকৰ এখন আৱাসিক মাদ্ৰাছা বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ। বিদ্যালয়ৰ শিক্ষক চয়দ আখটাৰে ৪০০ টকা চুৰি কৰাৰ অভিযোগ আনে। ছাত্ৰজনে কয় যে তেওঁ চুৰি কৰা নাছিল। ইয়াৰ পিছতে বিদ্যালয়ত ছাত্ৰজনক আৱদ্ধ কৰি ওজাক ফোন কৰে। ওজাই আহি ছাত্ৰজনক মন্ত্ৰপুট ঔষধ দিয়াৰ ভাবুকি দি চুৰিৰ কথা স্বীকাৰ কৰিবলৈ কয়। কিন্তু ছাত্ৰজনে কয় যে চুৰি কৰা নাছিল। এই অভিযোগ কৰা হৈছে যে শিক্ষকজনে তেতিয়া গুৰুতৰভাৱে প্ৰহাৰ কৰে ছাত্ৰজনক। আঘাতৰ বাবে অসুস্থ হোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ছাত্ৰজনৰ পিতৃ মোবাৰাক হোছেইনে কয় যে যোৱা শনিবাৰে শিক্ষকজনে মোৰ পুত্ৰৰ বিৰুদ্ধে টকা চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পিছত, তেওঁক লাঠিৰে প্ৰহাৰ কৰাৰ লগতে বন্দী কৰি ৰাখিছিল৷ মন্ত্ৰপুট ঔষধ দিয়াৰ ভাবুকি দিয়া হৈছিল। আমি এই বিষয়ে জানিব পাৰিছিলো আৰু মাদ্ৰাছা মিছন কৰ্তৃপক্ষৰ পৰা বিষয়টো বিতংভাৱে জানিব বিচাৰিছিলো। তেওঁলোকে একো ক’ব নিবিচাৰিছিল। তাৰ পিছত আৰক্ষী থানালৈ যাও। কিন্তু আৰক্ষীয়ে আমাক তাৰ পৰা আঁতৰাই দিছিল। সেয়েহে, আমি এজন উকীলৰ সহায়ত ন্যায় পোৱাৰ আশাত শিক্ষকজনৰ বিৰুদ্ধে আদালতৰ কাষ চাপিবলৈ বাধ্য হৈছিলোঁ।