Local, Vocal, Global

২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাস্তা চুৰি কৰিলে চোৰে, নিশাই গোটেই ৰাস্তা অন্তৰ্ধান

বিহাৰৰ পৰা সদায় অপৰাধৰ বিভিন্ন কাহিনী প্ৰকাশ পায়। কিন্তু এইবাৰ দুৰ্বৃত্তই আচৰিত ঘটনা সংঘটিত কৰিছে বিহাৰত। আপুনি কেতিয়াবা গোটেই ৰাস্তা চুৰি হোৱাৰ কথা শুনিছে নে? ৰাস্তাৰ কাষত বাল্ব বা গছ চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছে, কিন্তু গোটেই ৰাস্তা চুৰি হোৱাৰ ঘটনাই সকলোকে আচৰিত কৰিছে। বিহাৰৰ বাংকা জিলাৰ ৰাজোউন খণ্ডৰ খাৰাউনি গাঁৱত এই আচৰিত ঘটনা পোহৰলৈ আহিছে।

খাৰাউনি আৰু খাদমপুৰ ৰ দুখন গাওঁ সংযোগী পথটো মানুহে বছৰ বছৰ ধৰি খোজ কাঢ়িবলৈ ব্যৱহাৰ কৰি আহিছিল। কিন্তু পুৱা মানুহে দেখি আচৰিত হয়৷ গোটেই ৰাস্তাটো নাইকিয়া হৈ আছে৷ ইয়াৰ ঠাইত শস্য খেতি কৰি থোৱাই আছে। মানুহে প্ৰথমে ভাবিছিল যে তেওঁলোকে পথ হেৰুৱাইছে।

খাইৰানী গাঁৱৰ গুণ্ডাই ট্ৰেক্টৰেৰে ৰাস্তা খান্দি ঘেঁহুৰ খেতি কৰে। খাদমপুৰ গাঁৱৰ মানুহে লগে লগে প্ৰতিবাদ কৰে যদিও দুৰ্বৃত্তই প্ৰহাৰ কৰে৷ ঘটনাটোৱে গাওঁখনত এক আলোড়নৰ সৃষ্টি কৰিছে। ৰাস্তাটো নাইকিয়া হোৱাৰ বাবে মানুহে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। যোৱা কেইদিনমানৰ পৰা খাদমপুৰ গাঁৱৰ লোকসকলে আন এটা পথৰ সহায়ত স্থানান্তৰিত হ’বলৈ বাধ্য হৈছে।

খাদমপুৰ গাঁৱৰ বহুলোকে বুধবাৰে এই বিষয়টোৰ বিষয়ে অভিযোগ কৰিছে। তেওঁ বিষয়টোৰ তদন্তৰ আশ্বাস দিয়ে প্ৰশাসনে৷