Local, Vocal, Global

২৪ জানুৱাৰী২০২২ ত প্ৰদান কৰা হব অসম গৌৰৱ, অসম সৌৰভ, অসম বৈভৱ বঁটা

নিউজ ডেস্ক: আজি অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হব অলংকৰণ অনুষ্ঠান।প্ৰথম বাৰৰ বাবে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰিব ৰাজ্যে চৰকাৰে।কলাক্ষেত্ৰত অনুষ্ঠিত হবলগীয়া এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত প্রদান কৰা হব ৰাজ্য চৰকাৰে ঘোষণা কৰা বঁটা সমূহ।কভিড পৰিস্থিতিৰ বাবে সীমিত লোকৰ উপস্থিতিৰে হবলগীয়া অনুষ্ঠানত প্ৰদান কৰা হব অসম গৌৰৱ, অসম সৌৰভ ,অসম বৈভৱ বঁটা।ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ প্ৰদান কৰা হব উদ্যোগ পতি ৰতন টাটাক।অৱশ্যে অনুষ্ঠানত শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত নাথাকে উদ্যোগপতি ৰতন টাটা।ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি জনাইছে ৰতন টাটাই।বিয়লি ৩ বজাত অনুষ্ঠিত হবলগীয়া অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰদান কৰিব ৰাজ্যিক অসামৰিক বঁটা সমূহ।