২০২১ অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ যোগদান বিজেপি দলৰ
নিউজ ডেস্কঃ আজি বছৰটোৰ শেষ দিন।চাঁওতে চাঁওতে ২০২১ বৰ্ষই বিদায় মাগিলে,আহিলে ২০২২ বৰ্ষ।আগন্তুক নৱবৰ্ষ ২০২২ক আদৰিবলৈ সাজু ৰাজ্যৰ সকলো প্ৰান্তৰ লোক।এই বৰ্ষত ৰাজ্যত সামাজিক, সাংস্কৃতিক দিশৰ লগতে ৰাজনৈতিক দিশতো আমূল পৰিৱৰ্তন ঘটিলে। এইবৰ্ষত ৰাজনৈতিক ক্ষেত্ৰখনত বিজেপিৰ উত্থান আৰু সফলতাৰ বৰ্ষ বুলি ক’ব পাৰি। আনহাতে কংগ্ৰেছৰ বাবে বিপৰ্যয়ৰ বৰ্ষ হৈ ৰ’ল ২০২১ বৰ্ষটো। ইফালে হিমন্ত বিশ্ব শৰ্মাৰ ভাগ্য ফুটিল আনফালে কংগ্ৰেছৰ বাবে বিপৰ্যয়ৰ বৰ্ষ হৈ ৰ’ল ২০২১ বৰ্ষটো। ঠিক তেনেদৰেই উত্থান হ’ল প্ৰমোদ বড়ো আৰু ক্ষমতাহীন হ’ল হাগ্ৰামা মহিলাৰী।
উল্লেখ্য যে, ২০২১ বৰ্ষটো অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত আছিল বিশেষ গুৰুত্বপূৰ্ণ বছৰ। বছৰটোৰ আৰম্ভণিতে ৰাজ্যত তিনিটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। দ্বিতীয়বাৰৰ বাবে শাসনৰ গাদীত বহে বিজেপি চৰকাৰ।
২০২১ বৰ্ষত কংগ্ৰেছৰ আশানুৰূপ ফল নোপোৱাৰ বাবে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই সভাপতিৰ পদ হেৰুৱাবলগীয়া হয়। ফলত কংগ্ৰেছৰ নতুন সভাপতিৰূপে নিযুক্ত হয় ভূপেন বৰা। ইপিনে নতুনকৈ গঠন হোৱা দুটা আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও আশাপ্ৰদ নহ’ল ২০২১ বৰ্ষৰ নিৰ্বাচনত। এনেদৰেই ৰাজ্যৰ ৰাজনীতিত ২০২১ বৰ্ষটো উত্থান-পতনৰ যোগেদিয়েই পাৰ হৈ যায়।