Local, Vocal, Global

১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

নিউজ ডেস্ক, ২৩ মাৰ্চ : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ধাৰ্য । ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন। সংবাদমেলযোগে এই কথা ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে। ১৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত ২১ এপ্ৰিলত হ’ব ভোটগণনা। মনোনয়ন দাখিলৰ অন্তিম দিন ৩০ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ দিন ৪ এপ্ৰিল।

সৰ্বমুঠ ৬০টা ৱাৰ্ডত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন। পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া । পৌৰ নিগমৰ নিৰ্বাচনৰ মুঠ ভোটাৰ ৭ লাখ ৯৬ হাজাৰ ৮শ ২৯ গৰাকী। মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে। নিৰ্বাচন আয়োগে যোগান ধৰা EVMত হ’ব ভোটদান।

সম্পূৰ্ণৰূপে কোভিডৰ নীতি–নিৰ্দেশনা মানি ভোটদান আৰু গণনা অনুষ্ঠিত কৰিব লাগিব। ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ৩০ গৰাকী নেতাই চলাব পাৰিব প্ৰচাৰ।