Local, Vocal, Global

১৫ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰে পৰা SOP মুক্ত অসম

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী : আজিৰে পৰা ৰাজ্যত নাথাকে কোনো ধৰণৰ কোভিড নিষেধাজ্ঞা। পুৱা ৬ বজাৰ পৰা সকলো প্ৰত্যাহাৰ হ’ল কোভিড নিষেধাজ্ঞা। সোমবাৰে এই কথা ঘোষণা কৰে ৰাজ্য চৰকাৰে।নৈশ সান্ধ্য আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিলে চৰকাৰে। অৱশ্যে কোভিড আচৰণ বিধি মানি চলাটো হ’ব বাধ্যতামূলক। ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
ৰাজহুৱা স্থানত যাবলৈ কোভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক। বিমান বন্দৰ, ৰে’ল ষ্টেচন, হাস্পতাল আদিত থকা কোভিড পৰীক্ষাৰ সকলো নিয়ম প্ৰত্যাহাৰ। সকলোধৰণৰ সামাজিক, ধৰ্মীয়, ৰাজনৈতিক কাম কাজ বিনা বাধাই কৰিব পাৰিব। বিবাহ, মৃতকৰ সৎকাৰ আদি কাৰ্যতো কোনো বাধা নিষেধ নাথাকিব। বজাৰ-সমাৰ, ছবিগৃহকে ধৰি শ্বপিং মল আদি সম্পূৰ্ণ খোলা থাকিব। ৰাজ্যৰ বিদ্যালয়- মহাবিদ্যালয়-বিশ্ববিদ্যালয় সমূহো প্ৰাক কোভিড কালৰ দৰেই স্বাভাৱিক ৰূপত আৰম্ভ হ’ব।