১মাৰ্চৰ পৰা কৰিঅ’গ্ৰাফাৰ আৰু নৃত্য় শিল্পী সমাজৰ ব্য়তিক্ৰমী কৰ্মশালা
ডিজিটেল ডেস্ক: সদৌ অসম কৰিঅ’গ্ৰাফাৰ আৰু নৃত্য় শিল্পী সমাজৰ উদ্যোগত অহা ১ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ গুৱাহাটীৰ কাহিলীপাৰা জ্য়োতি চিএবনত অভিনয়, নৃত্য, পোছাক, ৰূপসজ্জাৰ এক ব্য়তিক্ৰমী কৰ্মশালা অনুষ্ঠিত হ’ব ৷ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সদৌ অসম কৰিঅ’গ্ৰাফাৰ আৰু নৃত্য শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে সদৌ অসম কৰিঅ’গ্ৰাফাৰ সন্থাৰ সভাপতি সোণাল হাজৰিকাই ৷ লগতে তেওঁ কয় যে লকডাউনৰ সময়ৰ পৰাই বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে এইসকল সাংস্কৃতি কৰ্মী ৷ চলচ্চিত্ৰ জগতৰ লগত জড়িত নৃত্য পৰিৱেশক, নৃত্য শিল্পীসকলো জুৰুলা হৈ পৰিছে ৷ বিভিন্ন সময়ত উচিত সন্মান তথা প্ৰাপ্য়ৰ পৰাও বঞ্চিত হৈ আহিছে শিল্পীসকল ৷ যাৰবাবে অসমৰ এগৰাকী আগশাৰীৰ নৃত্য শিল্পী চন্দ্ৰনা শৰ্মা বৰ্তমান ধনৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ ৰৈছে ৷ আনহাতে, এতিয়াও এনে বহু কৰিঅ’গ্ৰাফাৰ, নৃত্য় শিল্পী আছে যিসকলে সকলে নৃত্যক জিৱীকা হিচাপে জীয়াই আছে ৷ সেয়ে ,শিল্পীসকলক সময়ে সময়ে আৰ্থিক সকাহ উদ্দেশ্য অসমৰ আগশাৰীৰ সকলো কৰিঅ’গ্ৰাফাৰ, নৃত্য শিল্পী তথা অসমৰ জনপ্ৰিয় বহুটো অভিনেতা-অভিনেত্ৰীৰ উপস্থিতিত জ্য়োতি চিত্ৰবনত আয়োজন কৰা হৈছে এক ব্যতিক্ৰমী কৰ্মশালাৰ ৷ ১ মাৰ্চ পৰা অনুষ্ঠিত এই কৰ্মশালাত ইচ্ছুক ছাত্ৰ -ছাত্ৰীসকলে তেওঁলোকৰ লগত পূণপটিয়াভাৱে যোগাযোগ কৰিব পাৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে কৰিঅ’গ্ৰাফাৰ অসীম গগৈ, জিত খান, অসীম বৈশ্য, সমীৰ বুঢ়াগোঁহাই, জলী বৰা,পংকজ ইংতি ইত্যাদি বহুটো গণ্য-মান্য ব্যক্তি ৷