Local, Vocal, Global

হিজাব বিতৰ্ক সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত তৰিলে নতুন গোচৰ

নিউজ ডেস্ক,১১ ফ্ৰেব্ৰুৱাৰীঃ হিজাব বিতৰ্ক সন্দৰ্ভত এতিয়া উত্তাল সমগ্ৰ দেশ। শিক্ষাৰ্থীসকলে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অন্তৰ্ৱৰ্তীকালীন ওপৰত স্থগিত বিচাৰি  উচ্চতম ন্যায়ালয়ৰ কাষ বিচাৰিছে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে কয় যে, গোচৰটো নিষ্পত্তি নোহোৱালৈকে মহাবিদ্যালয়খন খোলা হ’লেও শিক্ষাৰ্থীসকলক কোনো ধৰ্মক প্ৰতিনিধিত্ব কৰা পোছাক পিন্ধিবলৈ অনুমতি দিয়া নহ’ব।
             হিজাব পিন্ধি মহাবিদ্যালয়লৈ অহাক লৈ ৰাজ্যখনৰ বিভিন্ন জিলাত উত্তেজনাৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠান তিনিদিনৰ বাবে বন্ধ কৰা হৈছিল। কৰ্ণাটকৰ শিক্ষানুষ্ঠানসমূহত হিজাব পিন্ধা নিষিদ্ধ কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত গোচৰ দাখিল কৰে একাংশ মুছলমান ছাত্ৰ-ছাত্ৰীয়ে।
           উল্লেখ্য যে,  মুখ্য ন্যায়াধীশ ৰিতুৰাজ অৱস্থী, ন্যায়াধীশ কৃঞ্চ এছ দীক্ষিত আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ জয়বুন্নিজা এম খাজীৰ এটা খণ্ড বিচাৰপীঠে কয় যে, ৰাজ্যখনত বন্ধ কৰা শিক্ষানুষ্ঠানসমূহ পুনৰ খুলিব পাৰি।কিন্তু সেই শিক্ষানুষ্ঠানত কোনো শিক্ষাৰ্থীয়ে ধৰ্মৰ প্ৰতীক বহন কৰা পোছাক পিন্ধি আহিব নোৱাৰে। এই গোচৰটোৰ পৰৱৰ্তী শুনানি ১৪ ফ্ৰেব্ৰুৱাৰীৰ ২.৩০ বজাত ঘোষণা কৰিব।